বিশেষ প্ৰতিবেদনঃ বগা হ’লেই মানুহ ধুনীয়া হয়নে? আমেৰিকাত দিনদিয়েক পূৰ্বে জৰ্জ ফ্লয়েড নামৰ কৃষ্ণাংগ লোকজন আৰক্ষীৰ হাতত মত্যুমুখত পৰাৰ পিছতে এই প্ৰশ্নই জোকাৰি গৈছিল সকলোকে। উক্ত হত্যাকাণ্ডই সমগ্ৰ বিশ্বতে মানুহৰ মনৰ মাজত বৰ্তমানো সুপ্ত হৈ থকা বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ঘোষণা কৰিছিল এক নব্য আন্দোলন।
উক্ত আন্দোলনৰ প্ৰভাৱ পৰা দেখা গৈছে ভাৰততো। এনে প্ৰভাৱৰ পৰিপ্ৰেক্ষিততে এতিয়া ভাৰতৰ বজাৰৰ পৰা অচিৰেই নাইকিয়া হৈ পৰিব সকলোৰে চিনাকি ফেচ ক্ৰীম 'ফেয়াৰ এণ্ড লাভলী’। দেশৰ প্ৰতিষ্ঠিত এফএমচিজি কোম্পানী ইউনিলিভাৰে বৃহস্পতিবাৰে কৰা এক ঘোষণাৰ পিছতে এয়া স্পষ্ট হৈ পৰিছে। 'ধুনীয়া হ’বলৈ হ’লে গাৰ ছালৰ ৰং বগা হ’ব লাগিব’ বুলি থকা ধাৰণাক সাৰোগত কৰি ইমানদিনে বজাৰ দখলৰ কৰি অহা ফেচ ক্ৰীম 'ফেয়াৰ এণ্ড লাভলী’ক লৈ এতিয়া নতুন মাৰ্কেটি পলিচি গ্ৰহণ কৰিব বুলিও ঘোষণাটোত জনাইছে ইউনিলিভাৰে।
আজি কোম্পানীটোৱে প্ৰকাশ কৰা এক বিবৃতিত জনাইছে যে অহা সপ্তাহত ফেচ ক্ৰীম 'ফেয়াৰ এণ্ড লাভলী’ৰ নাম সলনি কৰাৰ লগতে বিজ্ঞাপনত ইমানদিনে বগা হোৱাটোত গুৰুত্ব প্ৰদান কৰি অহা প্ৰসংগ নাইকিয়া কৰা হ’ব। কোম্পানীটোৰ মতে ছালৰ পৰিচৰ্যা অৰ্থাৎ স্কিন কেয়াৰ কেটেগৰীৰ প্ৰসাধন সামগ্ৰীসমূহৰ ক্ষেত্ৰত থকা পূৰ্বৰ ধাৰণা সম্প্ৰতি সমগ্ৰ বিশ্বতে সলনি হৈ পৰিছে আৰু কোম্পানীটোৱে সময়ৰ সৈতে খোজ মিলাই নিজকে আগুৱাই নিবলৈ যত্নপৰ হৈছে।
'আমি স্কিন কেয়াৰ ব্ৰেণ্ডৰ গ্ল’বেল পৰ্টফলিঅ’ৰ প্ৰতি সম্পূৰ্ণৰূপে দায়ৱদ্ধ। ই সকলো ৰং আৰু সকলো ধৰণৰ ছালৰে পৰিচৰ্যা কৰাত সহায় কৰিব। আমি এয়া বুজি উঠিছো যে 'ফেয়াৰ’, 'হোৱাইট’, 'লাইট’ আদি শব্দবোৰে সৌন্দৰ্যক একপক্ষীয় কৰি তোলে। আমি এয়া শুদ্ধ বুলি গণ্য নকৰো। সেয়ে এই বিষয়টোক গুৰুত্বসহকাৰে লৈ আমি নতুন সিদ্ধান্ত গ্ৰহণ কৰিছো।’-সংবাদ মাধ্যমৰ আগত বৃহস্পতিবাৰে এইদৰে কয় ইউনিলিভাৰৰ বিউটি এণ্ড পাৰ্ছনেল কেয়াৰ ডিভিজনৰ অধ্যক্ষৰ দায়িত্বত থকা সন্নি জৈনে।
বগা মানেই ধুনীয়া হয় জানো?
প্ৰতিজন ভাৰতীয়ৰ মুখে মুখে থকা এটা নাম 'ফেয়াৰ এণ্ড লাভলী’। ভাৰতীয় সমাজ ব্যৱস্থাত বগা ছালৰ গুৰুত্ব অধিক হোৱালৈ চাই বজাৰত ইয়াৰ গুৰুত্ব অপৰিসীম হৈ পৰিছিল। বগা ছালৰ প্ৰতি দুৰ্বলতাক মূলধন হিচাপে লৈয়েই টিভি আৰু বাতৰি কাকতৰ বিজ্ঞাপনৰ জৰিয়তে গ্ৰাহকসকলক আকৰ্ষিত কৰি আহিছিল 'ফেয়াৰ এণ্ড লাভলী’য়ে।
এই ফেচ ক্ৰিমবিধ কেৱল যে ভাৰততে জনপ্ৰিয় তেনে নহয়। ভাৰতৰ লগতে 'ফেয়াৰ এণ্ড লাভলী’ বাংলাদেশ, ইণ্ডোনেছিয়া, পাকিস্তান, নেপাল তথা এছিয়াৰ আন কেবাখনো দেশতো যথেষ্ট জনপ্ৰিয়। এছিয়া মহাদেশৰ উক্ত দেশসমূহৰ সমাজ ব্যৱস্থাত বগা ছালৰ নাৰীক ধুনীয়া হিচাপে অভিহিত কৰা হয় বাবেই ফেচ ক্ৰিমবিধে অনায়াসে বজাৰ দখল কৰিবলৈ সমৰ্থ হৈ আহিছে।
অৱশ্যে বিগত কিছুবছৰ ধৰি ইউনিলিভাৰৰ 'ফেয়াৰ এণ্ড লাভলী’ ব্ৰেণ্ডৰ লগতে লৰিয়েলকে আদি কৰি আন একাধিক কোম্পানীৰ ফেচ ক্ৰিমে বজাৰত আধিপত্য বিস্তাৰ কৰা দেখা গৈছে। সেয়া হ’লেও বাকী ব্ৰেণ্ডসমূহৰ তুলনাত বৰ্তমানো সৰ্বসাধাৰণৰ মাজত 'ফেয়াৰ এণ্ড লাভলী’য়েই আগস্থান দখল কৰি আহিছে।
বজাৰত দপদপনি অব্যাহত থকাৰ মাজতে সময়ে সময়ে বৰ্ণ বৈষম্য বিৰোধী সমাজকৰ্মীসকলে সৌন্দৰ্যৰ নামত 'ফেয়াৰ এণ্ড লাভলী’য়ে একাংশ লোকক হীনমন্যতাৰ দিশে ঠেলি দিছে বুলি মন্তব্য কৰি ইয়াৰ বিক্ৰী বন্ধ কৰিবলৈকো দাবী জনাই আহিছিল। অৱশেষত জৰ্জ ফ্লয়েডৰ মৃত্যুৰ পিছত ছ’চিয়েল মিডিয়াৰ জৰিয়তে গঢ় লৈ উঠা 'ব্লেক লাইভছ মেটাৰ’ আন্দোলনে মানুহৰ ছালৰ ৰঙক লৈ ব্যৱসায় কৰি অহা এনে কোম্পানীসমূহৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনে।
এনে ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখিয়েই ইউনিলিভাৰে ভাৰত তথা এছিয়া মহাদেশৰ কেবাখনো দেশত জনপ্ৰিয় ফেচ ক্ৰিমৰ ব্ৰেণ্ড 'ফেয়াৰ এণ্ড লাভলী’ৰ নাম সলনি কৰাৰ লগতে বগা ছালৰ অধিকাৰী মানেই যে ধুনীয়া নহয় সেই সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ এক বৈপ্লৱিক সিদ্ধান্ত গ্ৰহণ কৰে। 'ফেয়াৰ এণ্ড লাভলী’ৰ নাম সলনি কৰাৰ পিছত প্ৰচাৰ হ’বলগীয়া নতুন বিজ্ঞাপনত গাৰ ছালৰ ৰঙক লৈ কোনো কথা নথকাত সৌন্দৰ্যক লৈ সাধাৰণ মানুহৰ মনত থকা বদ্ধমূল ধাৰণা সলনি হ’ব বুলিও আশা প্ৰকাশ কৰিছে বৰ্ণ বৈষম্য বিৰোধী আন্দোলনৰ সৈতে জড়িতসকলে।
এজন লোকৰ বাবেই সলনি হ'ব পাৰে সমগ্ৰ বিশ্ব
ভাৰতত 'ফেয়াৰ এণ্ড লাভলী’ৰ বিক্ৰী আৰম্ভ হৈছিল ১৯৭৫ চনত। সংবাদ প্ৰতিষ্ঠান ৰয়টাৰ্ছৰ মতে বিগত বৰ্ষত ইউনিলিভাৰে কেৱল ভাৰতৰ বজাৰত বিক্ৰী কৰিছিল ৫০ কোটি মাৰ্কিন ডলাৰ মূল্যৰ 'ফেয়াৰ এণ্ড লাভলী’। ভাৰতীয় লোকসকলৰ মনত বগা ছালৰ অধিকাৰী হোৱাৰ হেপাহ কিমান আৰু এই ফেচ ক্ৰিম বিধ ভাৰতীয় লোকসকলৰ মাজত কিমান জনপ্ৰিয় সেয়া ইয়াৰ পৰাই স্পষ্ট হৈ পৰে।
উল্লেখ্য যে ইউনিলিভাৰক 'ফেয়াৰ এণ্ড লাভলী’ৰ বগা ছালৰ অধিকাৰী হোৱাৰ বিজ্ঞাপন বন্ধ কৰিবলৈ দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছিল যদিও কোম্পানীটোৱে তালৈ কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিল। কিন্তু আমেৰিকাৰ শেহতীয়া হত্যাকাণ্ডৰ ঘটনাৰ পিছতে change.orgৰ জৰিয়তে অনলাইনযোগে পুনৰ উক্ত দাবী উত্থাপন কৰা হয়। এই দাবীলৈ লক্ষ লক্ষ লোকে সমৰ্থন আগবঢ়োৱাৰ পিছতে ইউনিলিভাৰে বিষয়টোক গুৰুত্ব দিবলৈ বাধ্য হৈ পৰে।
ইফালে ইউনিলিভাৰক এছিয়াৰ বজাৰত প্ৰত্যাহ্বান জনাই অহা মাৰ্কিন কোম্পানী 'জনছন এণ্ড জনছন’-য়েও বগা ছালক গুৰুত্ব প্ৰদান কৰা ফেচ ক্ৰিম আৰু স্কিন কেয়াৰ প্ৰডাক্টসমূহৰ বিক্ৰী বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মাৰ্কিন কোম্পানীটোৱে জৰ্জ ফ্লয়েড হত্যাকাণ্ড সংঘটিত হোৱাৰ কেইদিনমান পিছতে উক্ত সিদ্ধান্ত গ্ৰহণৰ কথা ৰাজহুৱা কৰিছিল।
এনেদৰে এতিয়া জৰ্জ ফ্লয়েডৰ মৃত্যুৰ পিছত সমগ্ৰ বিশ্বতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে বৰ্ণ বৈষম্য বিৰোধী আন্দোলনে লাভ কৰিছে এক নতুন মাত্ৰা। ইয়াৰ লগতে লাহে লাহে সলনি হ’বলৈ আৰম্ভ কৰিছে সৌন্দৰ্যক লৈ মানুহৰ মনত যুগ যুগ ধৰি প্ৰচলিত হৈ অহা বদ্ধমূল ধাৰণা। শেহতীয়াকৈ ইউনিলিভাৰ, জনছন এণ্ড জনছনৰ প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰা কোম্পানীসমূহেও এই আন্দোলনত চামিল হোৱাত কেৱল 'বগা ছালৰ অধিকাৰী সকলেই যে ধুনীয়া বা সৌন্দৰ্যৰ অধিকাৰী নহয়’ সেই কথা সকলোৱে সহজে উপলব্ধি কৰিবলৈ সক্ষম হ’ব বুলিও মনস্তত্ববিদসকলে আশা প্ৰকাশ কৰিছে।
'আমি বহুতেই ভাবো যে মাত্ৰ এজন লোকে কেনেদৰে সমগ্ৰ পৃথিৱীখনক সলনি কৰিব পাৰো? কিন্তু সেয়া সম্ভৱ। বিশ্বৰ পৰিৱৰ্তনৰ ইতিহাসত এনে অনেক উদাহৰণ আছে। পৃথিৱীত বহু লোকে অকলেই পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। জৰ্জ ফ্লয়েডৰ মৃত্যুৱেও আধুনিক পৃথিৱীত সৌন্দৰ্যৰ ধাৰণাক সলনি কৰিবলৈ সমৰ্থ হ'ব বুলি আশা কৰিব পাৰি।'-কিছুদিন পূৰ্বে এটা ফেচবুক ভিডিঅ'ত এইদৰে মন্তব্য কৰিছে ফেচবুকৰ জনপ্ৰিয় ভিডিঅ' ক্ৰিয়েটৰ তথা ছ'চিয়েল ইনফ্লুৱেন্সাৰ হিচাপে সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰা নাছ ডেইলীয়ে। সঁচাকৈয়ে এজন লোকৰ বাবেও সলনি হ'ব পাৰে সমগ্ৰ বিশ্ব!