newsnextone.com।তামুলপুৰঃ “ৰাইজৰ সমস্যাৰ কথা ভাবিবলৈ বিপি এফৰ আহৰি নাই।তেওঁলোকৰ কাৰ্যালয়ত কেৱল ঠিকা-ঠুকুলিৰ কথাহে আলোচনা হয়। এই চৰকাক কেৱল ১০ শতাংশহে লাগে।আঁচনিৰ ১০ শতাংশ ধন কাটি ৰখাটো এওঁলোকৰ নিয়ম“ – এই অভিযোগ চাপাগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ইউ পি পি(এল) দলৰ উপ সভাপতি হিতেশ বসুমতাৰীৰ।
তামুলপুৰৰ মটঙা পাৰৰ সাংস্কৃতিক ভৱনত জিলা ইউ পি পি(এল) দলৰ সভাপতি বাণী কান্ত বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত প্ৰথম ত্ৰিবাৰ্ষিক অধিবেশনৰ মুকলি সভা উদ্বোধন কৰি বসুমতাৰীয়ে এইদৰে অভিযোগ কৰে।