হাজাৰ হাজাৰ ৰোল নম্বৰৰ মাজৰ পৰা অসমৰ যুৱক-যুৱতীৰ ৰোল নম্বৰ সাংবাদিকে সঠিককৈ বাচি উলিওৱাটো তেনেই দুৰুহ কাম৷ নামবোৰ নতুবা প্ৰাৰ্থীক সঠিককৈ চিনাক্ত কৰি উলিওৱাটো সাংবাদিকৰ বাবে উজু মুঠেই নহয়। তাকে লৈ এচামে উদ্বিগ্নতাৰে সমালোচনাত মুখৰ হোৱাটো অল্পবিদ্যা ভয়ংকৰ হোৱাৰ লেখীয়া হোৱা বুলি ছ’চিয়েল মিডিয়াত সম্প্ৰতি আন এক চৰ্চা আৰম্ভ হৈছে

গুৱাহাটীঃ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ২০১৭ চনৰ পৰীক্ষাত উজলি উঠিছে ভালেকেইজন অসমৰ সন্তান৷ বিগত কেইবাটাও বছৰৰ ভিতৰত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত চমকপ্ৰদ সফলতা লাভ কৰিছে অসমৰ সন্তানে৷ সবৰ্ভাৰতীয় পৰীক্ষা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত মুঠ ১৬গৰাকী অসমৰ পৰীক্ষাৰ্থী এই সফলতাত ৰাজ্যবাসীয়ে আনন্দিত হৈ পৰিছে৷ 

সংবাদ মাধ্যমে এই বাতৰি গুৰুত্বসহকাৰে প্ৰকাশ কৰিছে৷ কিয়নো এই বাতৰি ইতিহাসৰ বাবে সাক্ষী হৈ থকাৰ লগতে অসমীয়া নতুন প্ৰজন্মটো অনুপ্ৰাণিত হ’ব৷ এই ফলাফলে পূৰ্বৰ ধাৰণাক নস্যাৎ কৰি অসম সন্দৰ্ভত দেশৰ আন আন প্ৰান্তৰ লোকৰ ধাৰণাও সলনি হ’ব৷ নিউজ চেনেল আৰু বাতৰি কাকতৰ সমানে সমানে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ অসমৰ যুৱক-যুৱতীৰ সফলতাৰ কথা ছ’চিয়েল মিডিয়াত ব্যাপক হাৰত প্ৰচাৰ হৈছে৷ 

বহু লোকে প্ৰাৰ্থীসকলক শুভেচ্ছা যাঁচিছে৷ তাৰ লগে লগে ছ’চিয়েল মিডিয়াত আন এক বিতৰ্কৰ সূচনা হোৱা পৰিলক্ষিত হৈছে৷ প্ৰকৃততে এই পৰীক্ষাত কিমানজন অসম সন্তানে উত্তীৰ্ণ হৈছে সেয়া থিৰাং কৰিব পৰা হোৱা নাছিল৷ প্ৰথম দিনটোত অসমৰ সংবাদ মাধ্যমে ১৩ গৰাকী যুৱক-যুৱতীয়ে উত্তীৰ্ণ হোৱা বুলি প্ৰকাশ পায়৷ তাৰ পিছতে কেইটামান ঘণ্টাৰ পিছত ১৪গৰাকী, ১৫গৰাকী আৰু ১৬গৰাকী বুলি প্ৰকাশ কৰে৷ 

তাৰ লগে লগে সাধাৰণ লোকৰ মনত খেলিমেলি লগাটো স্বাভাৱিক৷ কোনোবা এখন কাকাতত ১৩গৰাকী, ১৪গৰাকী, ১৫গৰাকী আৰু ১৬গৰাকী বুলি প্ৰকাশ পোৱাত ছ’চিয়েল মিডিয়াত ব্যাপক বিতৰ্কৰ সৃষ্টি হয়৷ বিভিন্ন লোকে সাংবাদিকক গোৱাল গালিও পাৰে৷ প্ৰকৃততে আমি যদি চাব যাও এই পৰীক্ষাৰ ফলাফল ঘোষণা কোনো পুস্তিকা আকাৰত প্ৰকাশ নাপায়৷ নতুবা সংবাদ মাধ্যমলৈ কোনোধৰণৰ পুস্তিকা প্ৰেৰণ কৰাৰ পদ্ধতিও নাই৷ সমগ্ৰ দেশৰ শ-শ ৰোল নম্বৰৰ মাজৰ পৰা অসমৰ পৰীক্ষাৰ্থীৰ ৰোল নং বাচি উলিওৱাটো পৰ্বতত কাচৰ কণী বিচৰাৰ দৰেই হয়৷

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ৱেবছাইটত এই ফলাফল প্ৰকাশ কৰা হয়৷ ৱেবছাইটত এই ফলাফল প্ৰকাশ কৰাৰ ফলত অসমৰ বহু ছাত্ৰ-ছাত্ৰীয়ে ইণ্টাৰনেটৰ অসুবিধাৰ বাবে ফলাফল ঘোষণা কৰাৰ লগে লগে ফলাফল চাব নোৱাৰে৷ যাৰ বাবে কিছু যুৱক-যুৱতীৰ উত্তীৰ্ণ হোৱাৰ পিছতো সংবাদ মাধ্যমৰ লোকে অৱগত নহয়৷

আনহাতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পদ্ধতি অসম লোকসেৱা আয়োগ, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দৰে পদ্ধতি নাই৷ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ নীতিৰ যথেষ্ট পাৰ্থক্য আছে। হাইস্কুল শিক্ষান্ত পৰীক্ষা অথবা উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰাৰ লগে লগে সংবাদমাধ্যমলৈ ফলাফল সম্বলিত পুস্তিকা প্ৰেৰণ কৰা হয়। 

অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ক্ষেত্ৰতো একেটাই নিয়ম অনুসৰণ কৰা হয়। কিন্তু সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ নিয়ম বেলেগ। আয়োগৰ ৱেবচাইটত প্ৰকাশ কৰা ফলাফলৰ তালিকা চাই সাংবাদিকে প্ৰতিবেদন প্ৰস্তুত কৰিবলগীয়া হয়। সেয়ে হাজাৰ হাজাৰ সফল পৰীক্ষাৰ্থীৰ মাজৰ পৰা অসমৰ পৰীক্ষাৰ্থী কোন কোন আছে সেয়া বাচি উলিওৱা সম্ভৱ নহয় সাংবাদিকৰ বাবে৷ 

হাজাৰ হাজাৰ ৰোল নম্বৰৰ মাজৰ পৰা অসমৰ যুৱক-যুৱতীৰ ৰোল নম্বৰ সাংবাদিকে সঠিককৈ বাচি উলিওৱাটো তেনেই দুৰুহ কাম৷ নামবোৰ নতুবা প্ৰাৰ্থীক সঠিককৈ চিনাক্ত কৰি উলিওৱাটো সাংবাদিকৰ বাবে উজু মুঠেই নহয়। তাকে লৈ এচামে উদ্বিগ্নতাৰে সমালোচনাত মুখৰ হোৱাটো অল্পবিদ্যা ভয়ংকৰ হোৱাৰ লেখীয়া হোৱা বুলি ছ’চিয়েল মিডিয়াত সম্প্ৰতি আন এক চৰ্চা আৰম্ভ হৈছে৷ 

ফেচবুকত অসমীয়া সংবাদ মাধ্যমক হায় হায় দি Nayan Jyoti Das-এ লিখিছে ‘‘হায় হায় অসমীয়া সংবাদ মাধ্যম৷ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমলৈ সুনাম কঢ়িয়াই অনা অসমৰ সন্তান হেনো নিয়মীয়া বাৰ্তাৰ মতে ১৪ গৰাকী, আমাৰ অসমৰ মতে ১৫ গৰাকী, অসমীয়া প্ৰতিদিনৰ মতে ৪ গৰাকী, অসমীয়া খবৰৰ মতে ১৬ গৰাকী, দৈনিক জনমভূমিৰ মতে ১৩ গৰাকী৷’’ যোৱা দুদিনত এনেধৰণৰ অজস্ৰ আপডেটেৰ ভৰি পৰা দেখা গৈছে ফেচবুকৰ টাইমলাইন৷

আনহাতে এগৰাকী ৰাজনেতাৰ পুত্ৰও ফেচবুকত অসমৰ কেইবাখনো বাতৰি কাকতৰ প্ৰথম পৃষ্ঠা চেয়াৰ কৰি সংবাদ মাধ্যমক সমালোচনা কৰি কয় ‘‘ৰাইজক খবৰ দিয়া সকলৰ খবৰৰ অবস্থা৷’’