Image for Representation
Image for Representation

ডিজিটেল ডেস্কঃ ফেচবুকৰ কেমেৰা খুলিলেই আপুনি পাব পাৰিব নিজৰ GIF৷  ফেচবুকৰ নতুন ভাৰ্ছনত সন্নিবিষ্ট হৈছে এই নতুন ফিচাৰ৷ তদুপৰি এই GIF বন্ধুক সহজে প্ৰেৰণ কৰিব পাৰিব ইউজাৰ্ছে৷

ফেচবুক ইউজাৰ্ছসকলৰ মাজত খুবেই জনপ্ৰিয় GIF বোৰ৷ আনকি ষ্টিকাৰ তথা স্মাইলিতকৈ বৰ্তমান বেছি ৱ্যৱহাৰ হয় GIF বোৰ৷ GIF প্ৰেৰণ কৰিবলৈ হ'লে ফেচবুকৰ কেমেৰাত গৈ ফটো তোলাৰ পূৰ্বে GIF মোড ক্লিক কৰিব লাগিব৷ পিছত ফটো পোষ্ট কৰাৰ পূৰ্বে GIF অপশ্যনটো ক্লিক কৰিলেই ইউজাৰ্ছৰ ফটোখন GIFলৈ সলনি হ’ব৷

শেহতীয়াকৈ আইফোনসমূহত সন্নিবিষ্ট হৈছে এই নতুন ফিছাৰ৷ অতি শীঘ্ৰে এনড্ৰইড ব্যৱহাৰকাৰীসকলেও এই সুবিধা পাব বুলি আশা কৰা হৈছে৷ কেৱল ফেচবুকতেই নহয়, হোৱাটছএপতো জনপ্ৰিয় এই GIF৷