খেৰণিঃ দেশৰ ৰাজনৈতিক দল, স্বেচ্ছাসেৱী অনুষ্ঠান বিভিন্ন সংগঠনে নাৰীৰ অধিকাৰ, সুৰক্ষাৰ হকে মাত মাতি আহিছে৷ দেশৰ নাৰীয়ে যাতে সমান সমান অধিকাৰ সহ সন্মান সহকাৰে জীয়াই থাকিব পৰাৰে তাৰ বাবে নাৰীৰ কণ্ঠ বিধানসভা, লোকসভা, ৰাজ্যসভাত উত্থাপন কৰিব পাৰে তাৰ বাবে মহিলাৰ বাবে আসন সংৰক্ষণ কৰাৰ দাবী জনাই আহিছে দল-সংগঠনে৷
দেশৰ জনসাধাৰণে যিমানে নাৰীৰ সৱলীকৰণ, সুৰক্ষাৰ কথা আহিছে সিমানে প্ৰতিদিনে নাৰীৰ বিৰুদ্ধে যৌতুক জনিত হিংসাৰ ঘটনা, যৌন নিৰ্যাতন, ধৰ্ষণ, এছিড আক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈ আহিছে৷ ইয়াৰ লগে লগে নাৰীক বদনাম কৰাৰ এক নতুন মাধ্যম হৈছে ছচিয়েল মিডিয়া৷