96
ডিব্ৰুগড়ঃ মাথো ২৪ ঘন্টা পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাৰ্কত থকা সুধাকন্ঠ ভূপেন হাজৰিকাৰ আৱক্ষ প্ৰতিমূৰ্তিত জোতা, লংপেন্ট, চাৰ্ট পিন্ধি ফটো উঠি দুই যুৱকে ক্ষমা বিছাৰিব লগা হৈছিল৷ তাৰ পিছতে আন এখন ফটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি৷ পুণৰ একেটা আৱক্ষ প্ৰতিমূৰ্তিতে এগৰাকী যুৱকীয়ে বহি উঠা ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷
