গুৱাহাটীঃ এগৰাকী থলুৱাৰ কন্যাৰ চকুলোৱে আৱেগিক কৰিছে ৰাজ্যবাসীক৷ কন্যাৰ সেমেকা চকুৰে নিগৰি অহা চকুলোৱে সকলোৰে হৃদয়ত কঁপনি তোলাৰ লগতে চৰ্চা হৈছে ব্যাপক৷ ছচিয়েল মিডিয়াত বহু লোকে চৰ্চা কৰিছে কন্যাৰ কথা৷ মুঠৰ ওপৰত কন্যাৰ আৱেগ আৰু চকুলোৰ চৰ্চা এতিয়া ছচিয়েল মিডিয়াত৷ কেৱল ছচিয়েল মিডিয়াতে নহয় নিউজ চেনেল আৰু বাতৰি কাকতেও গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে ছাত্ৰীগৰাকীৰ ভাষ্য৷ কন্যাগৰাকী গুৱাহাটী মহানগৰীৰ আগশাৰীৰ নাৰী শিক্ষানুষ্ঠান সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী৷
