ছিউলঃ মৃত্যু হৈছে নেকি উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ? মহাপ্ৰতাপী শাসকগৰাকী অসুস্থ হৈ মৃত্যুৰ সৈতে যুঁজি থকাৰ বাতৰিৰ পিছত একাংশ সংবাদ প্ৰতিষ্ঠানে ৩৬ বৰ্ষীয় নেতাগৰাকীৰ মৃত্যু হোৱা বুলিও দাবী কৰিছে। ছ’চিয়েল মিডিয়াতো কৰ’না সন্ত্ৰাসৰ মাজতে কফিনৰ এখন ফটোসহ কিমৰ মৃত্যুৰ খবৰ ভাইৰেল সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে।
অৱশ্যে আন্তর্জাতিক বিশেষজ্ঞসকলৰ বাতৰিটো উৰাবাতৰি হ’ব পাৰে বুলিও সম্ভাৱনা ব্যক্ত কৰিছে। কিয়নো বিষয়টোক লৈ এই পৰ্যন্ত উত্তৰ কোৰিয়াই কোনো মন্তব্য প্ৰদান কৰা নাই। একেদৰে দেশখনৰ ওপৰত চোকা দৃষ্টি ৰখা আমেৰিকা আৰু চুবুৰীয়া ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াৰ চৰকাৰেও কিম জং উনৰ মৃত্যুৰ বিষয়ে কোনো স্পষ্টীকৰণ দিয়া নাই।