প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

নলবাৰীঃ নলবাৰী জিলাৰ দক্ষিণ প্ৰান্তৰ দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ এহাল ছাত্ৰ-ছাত্ৰীৰ এটি অশ্লীল ভিডিঅ’ বৰ্তমানে সকলোৰে মোবাইলত ভাইৰেল হৈ পৰাত সমগ্ৰ দক্ষিণ নলবাৰী অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

জানিব পৰা মতে, দক্ষিণ নলবাৰী মহাবিদ্যালয়খনত বিগত এবছৰ পূৰ্বে অধ্যয়ন কৰা এহাল লম্পট ছাত্ৰ-ছাত্ৰী শ্ৰেণী কোঠাতে অশ্লীল অভিসাৰত লিপ্ত হোৱা বহুকেইটা দৃশ্য এচামে ৰেকৰ্ডিং কৰিছিল৷ শেহতীয়াকৈ ভিডিঅ’ কেইটা ভাইৰেল হৈ পৰাত মহাবিদ্যালয়খনৰ প্ৰশাসনিক দিশটোৰ প্ৰতি ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হোৱাৰ লগতে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ নিৰৱতাক ৰাইজে সমালোচনা কৰিছে। 

এবছৰ পূৰ্বে সংঘটিত এই অভিসাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে বৰ্তমান অশ্লীল ভিডিঅ’ সমূহ সকলোৰে মোবাইলত উপলব্ধ হোৱা বুলি চৰ্চা হৈছে। যাৰ বাবে মহাবিদ্যালয়খনৰ সন্মান লাঘৱ হোৱাৰ লগতে শৈক্ষিক পৰিৱেশৰ প্ৰতি ৰাইজৰ সন্দেহ উপজিছে। বৰ্তমান সেই ছাত্ৰ-ছাত্ৰীহাল মহাবিদ্যালয়খনত অধ্যয়নৰত নহয় যদিও ছাত্ৰীগৰাকীৰ মাতৃয়ে লম্পট ছাত্ৰজনৰ বিৰুদ্ধে নলবাৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। 

তাৰ পাছতে দেওবাৰে নিশা নলবাৰী আৰক্ষীয়ে লম্পট ছাত্ৰজনক আটক কৰে৷ ছাত্ৰজনৰ ঘৰ নিজ বাঁহজানী গাঁৱৰ কলিতাপাৰাত আৰু ছাত্ৰজন বৰ্তমান নলবাৰী মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ বুলি জানিব পৰা গৈছে। 

আৰক্ষীয়ে ইতিমধ্যে ছাত্ৰজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯৪/৫০৬/২৯২/৩৫৪ (এ) ধাৰাৰ ৭৩৫/১৭ নম্বৰত এক গোচৰ ৰুজু কৰিছে। ইফালে ঘটনা সম্পৰ্কত দক্ষিণ নলবাৰী মহাবিদ্যালয়খনৰ অধ্যক্ষ গৰাকীৰ সোপাঢিলা প্ৰশাসনিক দিশটো উন্মোচন হোৱা বুলি ৰাইজৰ মাজত চৰ্চা লাভ কৰিছে।