আমিৰ খানক কলে, ৰেগিংৰ বলি হৈছিল কোহলী

ডিজিটেল ডেস্কঃ জিটিভিৰ এটি অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ৰেগিংৰ সন্মুখীন হোৱা বুলি কয়৷ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক কোহলি আৰু বলিউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানৰ সৈতে লোৱা এটি সাক্ষাৎকাৰত দুয়ো দুয়োৰে জীৱনৰ বহু কথা ৰাজহুৱা কৰে৷ বিৰাটে তেওঁৰ ক্ৰিকেট জীৱনৰ কথাও কয়। প্ৰথম ভাৰতীয় ক্ৰিকেট দলত যোগদান কৰিবৰ বাবে আহিছিল সেইদিনা তেওঁক ৰেগিং কৰা হৈছিল।

হৰভজন সিং আৰু মুনাফ পেটেলৰ দৰে খেলুৱৈয়ে তেওঁক ৰেগিং কৰিছিল। ভাৰতীয় দলৰ হৈ খেলা ২০০৮ৰ দ্বিতীয়খন খেলতহে লগ পাইছিল শচীন তেণ্ডুলকাৰক। কেৱল ইমানে নহয় অধিনায়ক বিৰাটে যাৰ খেল চাই চাই খেলিবলৈ আৰম্ভ কৰিছিল সেইদিনা সেইগৰাকী ব্যক্তিক ওচৰত পায় বহুত সুখী হৈছিল লগতে ভয়ো লাগিছিল বুলি কয়৷

সেইদিনা খেলৰ অন্তত যেতিয়া সকলো ড্ৰেছিং ৰুমত মিলিত হৈছিল তেতিয়া হৰভজন সিং আৰু মুনাফ পেটেলে আহি কোহলীক কৈছিল যে নতুনকৈ অহা সকলো খেলুৱৈয়ে শচীনক ভৰি চুই সেৱা কৰে। আৰু সেই কথা জানিয়ে কোহলীয়েও সেৱা কৰিবলৈ গৈছিল শচীনক। পিছত শচীনে সকলো কথা গম পায় সেয়া হৰভজন হতঁৰ ধেমালি বুলি কয়।