যুগ যুগ ধৰি ভাৰতৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে মহিলাসকলে। জনতাৰ প্ৰতিনিধি হিচাপে মহিলাৰ সংখ্যা তেনেই কম ভাৰতত, কিন্তু ভোট বেংক হিচাপে হোজা, গাৰ্হস্থ্য কামত ব্ৰতী এই মহিলাসকলেই হৈছে ৰাজনৈতিক দলসমূহৰ প্ৰধান অস্ত্ৰ। এনে কাৰণতেই সময়ে সময়ে শাসক-বিৰোধী প্ৰতিটো দলেই মহিলাসকলক লৈ বিভিন্ন আঁচনি ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
বিগত মাহত মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বৃহত্ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল বিজেপি, শিৱসেনা (শিন্দে) আৰু এনচিপি (অজিত পাৱাৰ)ৰ মহাযুতিয়ে। বিশ্লেষকসকলৰ মতে, শাসকীয় মিত্ৰজোঁটতো পুনৰ এবাৰ শাসনাধিষ্ঠিত হোৱাত প্ৰধান ভূমিকা পালন কৰিছিল ৰাজ্যখনৰ মহিলাসকলে। ২০২৪ চনৰ জুন মাহত চৰকাৰখনে আৰম্ভ কৰা ‘লাড়কী বাহিন’ আঁচনিখনক এই জয়ৰ আঁৰৰ এটা ডাঙৰ কাৰণ হিচাপে বিবেচিত কৰা হৈছে।