newsnextone.com | গুৱাহাটীঃ সোমবাৰে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁইক হেম বৰুৱা বঁটা প্ৰদান কৰা হয়৷ ভাৰত ত্যাগ আন্দোলনৰ হোতা, অসমৰ প্ৰতিথযশা কবি আৰু ৰাজনীতিবিদ হেম বৰুৱা বঁটা গুৱাহাটী প্ৰেছ ক্লাৱত ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট লোকৰ উপস্থিতিত প্ৰদান কৰা হয়৷
হেম বৰুৱা ন্যাসে অনুষ্ঠিত কৰা এটা বিশেষ অনুষ্ঠানত হেম বৰুৱাৰ পুত্ৰ তথা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত বিষয়া অঞ্জন বৰুৱা, পত্নী ৰূপালী দেৱী বৰুৱা, প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমনী বৰ্মন, বুদ্ধিজীৱী ড০ দীনেশ বৈশ্য, বি বৰুৱা কলেজৰ প্ৰাক্তন অধ্যক্ষ ড০ ৰীতা ডেকা, নিউজ নেক্স ওৱানৰ পৰিচালন সঞ্চালক আব্দুল আজিজ চৌধুৰীৰ উপস্থিতিত বিশিষ্ট চিন্তাবিদগৰাককী এই বঁটা প্ৰদান কৰা হয়৷