মিছামাৰীঃ দেশে স্বাধীনতা লাভ কৰাৰ পাছত বৃহত্তৰ মিছামাৰী অঞ্চলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা প্ৰায় ২৫ খন কৈ বিশুদ্ধ খোৱা পানীৰ আঁচনি স্থাপন কৰা হৈছিল। ইয়াৰে কেইটিমান আঁচনিৰ বাহিৰে গৰিষ্ঠ সংখ্যক পানী যোগান আঁচনি এতিয়া ব্যৱহাৰ আৰু মেৰামতিৰ অভাৱত ভালুকৰ সাঙীলৈ পৰিণত হৈছে।
প্ৰাপ্ত তথ্য মতে বৃহৎৰ অঞ্চলটোৰ ৰিকামাৰী, ভেৰভেৰি, নাহৰণি, নেপালী বস্তি, ধনখনা, পাতিদৈ ভেৰেলা আৰু খুটাপুটা পানী যোগান আঁচনিত স্থায়ী কৰ্মচাৰীৰ ব্যৱস্থা আৰু যাৱতীয় সকলো ব্যৱস্থা থকাৰ বাবে আঁচনি কেইখনৰ পৰা স্থানীয় ৰাইজে সঠিক ভাবে পানী যোগান পাই আহিছে।