58
দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ ধৰ্মপুৰ সমষ্টিৰ ২০ খন গাঁও আহাৰ মহীয়া ভয়ংকৰ বানৰ কবলত পৰিছে। আজিলৈকে বান পৰিস্থিতি অপৰিৱৰ্তীত হৈ আছে ৰাইজৰ সীমাহীন ক্ষতি আৰু ত্ৰাসৰ সৃষ্টি হৈছে।
পশ্চিম নলবাৰী অঞ্চলৰ প্ৰায় আঠশটা পৰিয়াল থকা ঘৰ বানে বুৰাই পেলাইছে। দুঠাইত মৰা পাগলদিয়াৰ মথাউৰি চিঙি বানপানীয়ে ৰাইজৰ সকলো ধাহি মুহি নি ৰাইজৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷