ৰাষ্ট্রসংঘৰ পৰিবেশ কার্যসুচীৰ বেছেল সন্মিলন অনুযায়ী আবর্জনা হৈছে ইতিমধ্যে নিস্পত্তি কৰা, বা দেশীয় বিধি অনুযায়ী নিস্পত্তি কৰিবলগীয়া পদার্থ বা সামগ্রী। তদুপৰি বিপজ্জনক বুলি পৰিগণিত হোৱা সামগ্রীকো আবর্জনাৰ শাৰীত ধৰা হয়। বৈদ্যুতিন আবর্জনা বা ই-আবর্জনা হৈছে বৈদ্যুতিনজাত সামগ্রীৰপৰা সৃষ্টি হোৱা আবর্জনা। ভাৰত চৰকাৰৰ ই-আবর্জনা (ব্যবস্থাপনা আৰু পৰিচালন) নীতি, ২০১১ত উল্লেখ কৰা মতে ই-আবর্জনা হৈছে পেলনীয়া বৈদ্যুতিক অথবা বৈদ্যুতিন সজুলি যাক সম্পুর্ণ বা আংশিকভাবে মেৰামতি বা নির্মাণ কৰিব পৰা নাযায়। মুঠৰ ওপৰত ই-আবর্জনাই বিকল, আওপুৰণি, ভগা বৈদ্যুতিক বা বৈদ্যুতিন সামগ্রীকে বুজায়। ইউৰোপীয় সংঘই এই ক্রমবর্ধমান সমস্যাৰ প্রতি লক্ষ্য ৰাখি কেতবোৰ নীতি নির্ধাৰণ কৰিছে। লগতে ই-আবর্জনা পুনর্জীবিকৰণ আৰু নিষ্পত্তিকৰণৰ বাবে পদ্ধতি গ্রহণ কৰিছে। এইধৰণৰ আবর্জনাক সংঘই ‘পেলনীয় বৈদ্যুতিক আৰু বৈদ্যুতিন সজুলি’ শাৰীত ৰাখিছে।
কোনবোৰ সামগ্রীয়ে ই-আবর্জনাৰ সৃষ্টি কৰিব পাৰে ?