নতুন দিল্লীঃ প্ৰসংগ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ফটো। হাতত অত্যাধুনিক সমৰাস্ত্ৰ। দৃষ্টি নিৱদ্ধ সন্মুখৰ লক্ষ্যত। প্ৰশ্ন হ’ল লক্ষ্ণৌৰ প্ৰতিৰক্ষা মেলাত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকৃততেই কোনো লক্ষ্যক উদ্দেশ্যি গুলী চলাইছিল নেকি? উত্তৰ নাই চলোৱা। তেন্তে তেওঁ অত্যাধুনিক অস্ত্ৰ হাতত লৈ কেমেৰাৰ বাবেহে ‘প’জ’ দিছিল নেকি? উত্তৰ নহয়। তেওঁ গুলীও চলাইছিল। বিভ্ৰান্ত হৈছে নেকি? আচলতে প্ৰধানমন্ত্ৰী মোদীয়ে সেই বিশেষ মূহূৰ্তটোত গুলীবৰ্ষণ কৰিছিল এখন কাল্পনিক ক্ষেত্ৰত, ইংৰাজীত যাক অভিহিত কৰা হয়, ভাৰ্ছুৱেল শ্বুটিং ৰেঞ্জ বুলি।

কি এই ভাৰ্ছুৱেল শ্বুটিং ৰেঞ্জ?

প্ৰধানমন্ত্ৰী মোদীয়ে য’ত গুলীবৰ্ষণ কৰিছিল, সেইখন আছিল ভাৰ্ছুৱেল শ্বুটিং ৰেঞ্জ। অৰ্থাৎ কাল্পনিক। লক্ষ্য কাল্পনিক, গুলীও কাল্পনিক। আচল শ্বুটিং ৰেঞ্জত সঁচা গুলীৰে সচাসচিকৈ লক্ষ্য ভেদ হয়। কিন্তু ভাৰ্ছুৱেল শ্বুটিং ৰেঞ্জত না গুলী আচল, না লক্ষ্য। তথাপি কিন্তু অনুশীলনৰ বাবে কাল্পনিক শ্বুটিং ৰেঞ্জেই ব্যৱহাৰ হয়। প্ৰশ্ন হ’ল কাল্পনিকতাৰ পৃথিৱীৰ অনুশীলনে  কিদৰে সহায় কৰিব বাস্তৱৰ পৃথিৱীখনত? সেইয়া জানিবলৈ আহকচোন কিছুসময়ৰ বাবে যাও ডিজিটেল উত্তৰণে সম্ভৱ কৰি তোলা ভাৰ্ছুৱেল জগতখনলৈ।
 
ভাৰ্ছুৱেল শ্বুটিং ৰেঞ্জত এখন স্ক্ৰীন থাকে। এই স্ক্ৰীনখনতে কিছুমান লক্ষ্য দৃশ্যমান হয়। লক্ষ্য যিকোনো হ’ব পাৰে। মানুহো হ’ব পাৰে। ভয় নাখাব। লক্ষ্যবোৰ সঁচা নহয়, কিছুমান অৱয়ব হে। প্ৰশ্ন হ’ল অৱয়ব কিছুমান কেনেকৈ ভেদ কৰিব? আহকচোন জানি লও এইয়া কেনেকৈ সম্ভৱ?

কি বন্দুকেৰে গুলীয়াই?

দেখাতটো হুবহু আচল বন্দুকৰ দৰেই। পিষ্টল, ৰিভলভাৰ, ৰাইফলবোৰ দেখিলে আপুনি আচল নহয় বুলি ক’ব নোৱাৰে। গুলীও চলিব আচল বন্দুকৰ দৰেই। শব্দও হ’ব অনুৰূপ। কিন্তু কাৰ্টিজ নাথাকে। না বন্দুকৰ পৰা খালি কাৰ্টিজ ওলাব, না জুই বা ধোঁৱা।

আকৌ মনত প্ৰশ্ন উঠে, ভাৰ্ছুৱেলেই যেনিবা, গুলী যদি নুফুটেই লক্ষ্য ভেদ হ’ব কেনেকৈ? আচলতে এইয়া হ’ল শব্দ আৰু পোহৰৰ খেল। শব্দৰ পৰিমাপক হ’ল ডেচিবেল। ভাৰ্ছুৱেল শ্বুটিং ৰেঞ্জৰ স্ক্ৰীনখনৰ যি স্থানত লক্ষ্যটো দেখা যায়, তাৰ পিছফালেই শব্দ মাপক যন্ত্ৰ এটা থাকে। যেতিয়া আচল বন্দুকেৰে গুলীওৱা হয়, বন্দুক সৰু হ'লে শব্দ সৰু হয়, বন্দুক ডাঙৰ হ'লে শব্দও ডাঙৰ হয়। সেইবাবেই পিষ্টলৰ তুলনাত একে-৪৭ ৰ আৱাজ অধিক হয়।

ভাৰ্ছুৱেল শ্বুটিং ৰেঞ্জতো বন্দুক অনুসৰি শব্দৰ ডেচিবেল স্থিৰ কৰা হয়। অৰ্থাৎ শব্দ যদি ১৩৪ ডেচিবেল, তেন্তে সেইয়া ৰাইফলৰ গুলী বুজাব। ১৫৯ ডেচিবেল মানে এ আৰ ১৫ ৰাইফল। এতিয়া প্ৰশ্ন হ'ল, ভাৰ্ছুৱেল শ্বুটিং ৰেঞ্জত লক্ষ্যলৈ গুলী যাব কেনেকৈ? ইয়াৰ বাবে ব্যৱহাৰ হয় ইনফাৰেড লাইট। যি স্থানতে টোওৱা হ'ব সেই স্থানতে লক্ষ্য ভেদ হ'ব। এনেকৈয়ে এটা গুলীও নষ্ট নকৰাকৈ গুলীয়াগুলিৰ অনুশীলন কৰিব পাৰি ভাৰ্ছুৱেল শ্বুটিং ৰেঞ্জত। 

আৰু ক'ত ব্যৱহাৰ কৰা হয় এই প্ৰযুক্তি?

ভাৰ্ছুৱেল ৰিয়েলিটি ব্যৱহাৰৰ ক্ষেত্ৰখন ক্ৰমান্বয়ে প্ৰসাৰিত হ'বলৈ ধৰিছে। গাড়ী চালনা, ক্ৰীড়া, শিক্ষা আদি বিভিন্ন ক্ষেত্ৰত এই প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি পাবলৈ ধৰিছে। হয়, আপুনি ভাৰ্ছুৱেল ৰিয়েলিটি প্ৰযুক্তিৰ সহায়ত গাড়ী চলাবলৈও শিকিব পাৰে ৰাজপথত গাড়ীখন ননমোৱাকৈয়ে, আপুনি ভাৰ্ছুৱেল ৰিয়েলিটি ছীট বা ভি আৰ ছীট এটা পিন্ধি যেতিয়া সন্মুখৰ স্থানলৈ যাব, দেখা পাব এটা ৰাস্তা। আপুনি বহা ঠাইডোখৰো এখন গাড়ীৰ দৰে হ'ব আৰু ৰাস্তাত গাড়ী চলাওতে যি ধৰণৰ অভিজ্ঞতা অনুভব হয়, সেই সমস্ত অভিজ্ঞতা-অনুভৱৰ সৈতে আপুনি ভাৰ্ছুৱেল গাড়ীখন চলাব পাৰিব। পাৰ্থক্য মাথো এটাই, বাস্তৱত গাড়ী চলোৱাৰ দৰে দুৰ্ঘটনা হলেও কোনো ক্ষতিসাধন নহ'ব।

বৰ্তমান ক্ৰীড়া ক্ষেত্ৰতো বহুলভাৱে ব্যৱহাৰ হয় ভিআৰ। খেলৰ অনুশীলনৰ বাবে খেলুৱৈয়ে খেলপথাৰৰ অনুভৱ লাভ কৰিব পাৰে। এই প্ৰযুক্তি ইমানেই উন্নত হৈছে যে কিছুমান খেলত প্ৰতিপক্ষৰ খেলুৱৈয়ো সন্মুখত ওলায়। বিমানৰ উৰণৰ প্ৰশিক্ষণতো বৰ্তমান ভাৰ্ছুৱেল ৰিয়েলিটিৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ডিজিটেল প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে এনেদৰেই ক্ষয়-ক্ষতিৰ পৰিমাণ শূন্য কৰি বাস্তৱৰ পৃথিৱীখনৰ মুখা-মুখি হ'ব পৰাকৈ নিজক প্ৰস্তুত কৰি তুলিব পাৰি ভাৰ্ছুৱেল ৰিয়েলিটিৰ জৰিয়তে।