Newsnextone | ডিজিটেল ডেস্কঃ বিগত এমাহৰ ভিতৰতে ৰং সলালে হোৱাটএপে। চ’চিয়েল মেচেজিং এপটোত দেখা গৈছে বিভিন্ন ধৰণৰ সালসলনি। আগবঢ়োৱা হৈছে বিভিন্ন ধৰণৰ সা-সুবিধা৷ ইয়াৰ ভিতৰত সুৰক্ষা তথা গ্ৰুপ এডমিনৰ বাবে নতুন সুবিধা দিয়ে হোৱাটচএপে৷ হোৱাটচএপ ব্যৱহাৰীসকলে এই বিষয়ে অৱগত হোৱাটো ভাল৷ হোৱাটচএপত নতুনকৈ ছয়টা সুবিধা প্ৰদান কৰা হৈছে৷ সেইবোৰৰ বিষয়ে তলত দিয়া ধৰণেঃ
♦ গ্ৰুপ ডেচক্ৰিপছনঃ
ৱাটচএপত নতুনকৈ অহা গ্ৰুপ ডেচক্ৰিপছন পদ্ধতিত হোৱাটচএপৰ গ্ৰুপৰ বিষয়ে বৰ্ণনা কৰিব পাৰি৷ গ্ৰুপ খোলাৰ কাৰণ জানিব পাৰি অই পদ্ধতিৰ দ্বাৰা৷ ইয়াৰ বাবে গ্ৰুপৰ নামত ক্লিক কৰিলে তলত বৰ্ণনাৰ বিষয়ে বিকল্প পোৱা যাব৷
♦ গ্ৰুপ আইকন সলনি কৰাঃ
কোন কোন সদস্যই গ্ৰুপত ফটো, বৰ্ণনা সলনি কৰিব তাৰ বাবে কেৱল এডমিনেহে সিদ্ধান্ত ল’ব পাৰিব৷ অন্যথা এডমিনৰ বিনা অনুমতিত গ্ৰুপৰ সদস্যসকলে এই সিদ্ধান্ত ল’ব নোৱাৰে৷