ডিজিটেল ডেস্কঃ আপুনি যদি ভাৰতত আছে আৰু আপুনি যদি ছচিয়েল নেটৱৰ্কিং ছাইট যেনে ফেচবুক আৰু মেচেজিং এপ যেনে হোৱাটছএপ ব্যৱহাৰ কৰে, তেন্তে ভাল কথা। আপুনি যুগৰ সৈতে মিলি আগবা়ঢি গৈছে। কিন্তু যদি আপুনি হোৱাটছএপ বা ফেচবুকৰ গ্ৰুপ, পেজ আদিৰ এডমিন হয়, তেন্তে সাৱধান হৈ আগবাঢ়ক।

কিয়নো কাৰোবাৰ বিদ্বেষজনিত মন্তব্য, আপত্তিজনক ফটো-ভিডিঅ’ৰ বাবে আপুনি জেল হাজোতত যাবলগা হ’ব পাৰে। ভুৱা চিঠি, উৰাবাতৰি, অথবা কিবা বিষয়ত অপবাখ্যা আগবঢ়োৱা পোষ্ট আপোানৰ গ্ৰুপ বা পেজত নিজে লিখাতো বাদেই, আনে পোষ্ট কৰিলেও তাৰবাবে জগৰীয়া হ’ব আপুনি।

এনেই এক যুটীয়া অধিসূচনা জাৰি কৰিছে বাৰাণসীৰ জিলা দণ্ডাধীশ যোগেশ্বৰ ৰাম মিশ্ৰা আৰু বাৰাণসীৰ আৰক্ষীয়ে। বাৰাণসীৰ আৰক্ষী আয়ুক্তগৰাকীয়ে জনোৱামতে এনে আপত্তিজনক পোষ্টৰ বাবে গ্ৰুপ বা পেজৰ এডমিনজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব পাৰে।

'ছ'চিয়েল মিডিয়াত ভালেমান এনে গোট আছে যিবোৰে বাতৰি যোগানৰ নামত চাঞ্চল্য সৃষ্টি কৰিবপৰা আৰু সৰ্বাসাধাৰণক ভূল পথে নিব পৰা ধৰণৰ মনেসজা উৰাবাতৰি প্ৰচাৰ কৰি দেশৰ সংহতিৰ প্ৰতি ভয়ংকৰ বিপদ মাতি আনিছে।’- অধিসূচনাখনত এনেদৰে উল্লেখ কৰা হৈছে।

কিন্তু এতিয়াৰপৰা এনেধৰণৰ ভুৱা বাতৰি গোট বা পেজত অনুমোদন জনোৱা এডমিনজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি গোচৰ চলাব পৰা যাব।

'ছ'চিয়েল মিডিয়াত বাক স্বাধীনতা গুৰুত্বপূৰ্ণ, তাৰ লগে লগে কিন্তু গুৰুত্বপূৰ্ণ সামাজিক দায়বদ্ধতা।’- এইবুলি উল্লেখ কৰা হৈছে অধিসূচনাখনত।