ডিজিটেল ডেস্কঃ আপুনি যদি ভাৰতত আছে আৰু আপুনি যদি ছচিয়েল নেটৱৰ্কিং ছাইট যেনে ফেচবুক আৰু মেচেজিং এপ যেনে হোৱাটছএপ ব্যৱহাৰ কৰে, তেন্তে ভাল কথা। আপুনি যুগৰ সৈতে মিলি আগবা়ঢি গৈছে। কিন্তু যদি আপুনি হোৱাটছএপ বা ফেচবুকৰ গ্ৰুপ, পেজ আদিৰ এডমিন হয়, তেন্তে সাৱধান হৈ আগবাঢ়ক।
কিয়নো কাৰোবাৰ বিদ্বেষজনিত মন্তব্য, আপত্তিজনক ফটো-ভিডিঅ’ৰ বাবে আপুনি জেল হাজোতত যাবলগা হ’ব পাৰে। ভুৱা চিঠি, উৰাবাতৰি, অথবা কিবা বিষয়ত অপবাখ্যা আগবঢ়োৱা পোষ্ট আপোানৰ গ্ৰুপ বা পেজত নিজে লিখাতো বাদেই, আনে পোষ্ট কৰিলেও তাৰবাবে জগৰীয়া হ’ব আপুনি।