ডিজিটেল ডেস্কঃ বৰ্তমান প্ৰায় সকলোৰে দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে হোৱাটছ এপ৷ দেশত দিনক দিনে বৃদ্ধি পাইছে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰা লোকৰ সংখ্যা৷ তথ্য অনুযায়ী ভাৰতত হোৱাটছএপ ইউজাৰৰ সংখ্যা হৈছে প্ৰায় ২০ কোটি৷

কিন্তু শেহতীয়াকৈ গৱেষকে প্ৰকাশ কৰিছে এক বিশেষ তথ্য৷ এই তথ্য অনুসৰি ভুৱা খবৰ বিয়পোৱাত আটাইতকৈ বেছি ব্যৱহাৰ হৈছে এই মেছেজিং এপটো৷ হোৱাটছএপ  'এণ্ড টু এণ্ড’এপ হোৱাৰ বাবে হোৱাটছএপৰ মেছেজ তথা ভিডিঅ’বোৰ কোনেও সমীক্ষা কৰা নাই৷

কেৱল ভুৱা খবৰেই নহয়, বিদ্বেষপূৰ্ণ আৰু হিংসা বিয়পোৱাৰ উদ্দেশ্যে একাংশই ব্যৱহাৰ কৰিছে হোৱাটছএপ৷ বিভিন্ন গোটৰ জৰিয়তে নিমিষতে এনে বহু খবৰ সমগ্ৰ বিশ্বতে বিয়পে বুলিও উল্লেখ কৰিছে গৱেষকে৷ কিন্তু এনে ধৰণৰ ঘটনাসমূহ ৰোধ কৰিবলৈ কোনো ব্যৱস্থা লোৱা নাই প্ৰতিষ্ঠানটোৱে৷

হোৱাটছ এপৰ প্ৰাইভেছি প্ৰক্ৰিয়া শক্তিশালী নহয় বুলিও উল্লেখ কৰিছে একাংশ গৱেষকে৷ বিভিন্ন ৰাজনৈতিক দলে প্ৰভাৱ বিস্তাৰ কৰিবলৈ এই এপ ব্যৱহাৰ কৰি আহিছে বুলিও গৱেষকসকলে মন্তব্য কৰিছে৷  

উল্লেখ্য যে, উত্তৰ প্ৰদেশ নিৰ্বাচনত বিজেপি দলৰ স্বেচ্ছাসেৱকসকলে ১০ হাজাৰতকৈ অধিক হোৱাটছগ্ৰুৰ সৃষ্টি কৰি প্ৰচাৰ চলোৱাৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।