মাথো ৫গৰাকী লোককহে মেচেজ ফৰৱাৰ্ড কৰিব পাৰিব হোৱাটছ এপ ব্যৱহাৰকাৰীয়ে

 | by NNO WEB BUREAU  |  0
Printer-friendly version

newsnextone.com | ডিজিটেল ডেস্কঃ পুনৰ সালসলনি কৰিছে হোৱাটছ এপ চেটিংছ৷ জনপ্ৰিয় মেছেজিং এপ হোৱাটছ এপে শেহতীয়াকৈ সালসলনি কৰিবলৈ বাধ্য হৈছে ভুৱা খবৰ প্ৰচাৰ ৰোধ কৰাৰ বাবে৷ এপটোৰ ফিচাৰৰ জৰিয়তে হোৱাটছ এপ ব্যৱহাৰকাৰীয়ে মাথো ৫ গৰাকী লোকক মেচেজ ফৰৱাৰ্ড কৰিব পৰাৰ ব্যৱস্থা সংলগ্ন কৰিব৷ হোৱাটছ এপ নতুন সংস্কৰণত এই পদ্ধতি সংযোজন কৰাৰ কথা উল্লেখ কৰিছে হোৱাটছ এপে৷ ইয়াৰ পূৰ্বে ঘোষণা কৰা মতে, গ্ৰুপ ব্যৱস্থাত কেৱল এডমিনেহে মেচেজ পঠাব পৰা ব্যৱস্থা থাকিব বুলি কৈছিল৷ 

ভাৰতত এতিয়াৰ পৰা হোৱাটএছ এপ ব্যৱহাৰকৰীয়ে ৫গৰাকী লোকতকৈ বেছি লোকক মেচেজ ফৰৱাৰ্ড কৰিব নোৱাৰিব৷ ভুৱা মেচেজ তথা খবৰ ৰোধ কৰাৰ বাবে এই পদ্ধতি অৱলম্বন কৰিছে হোৱাটছ এপ কৰ্তৃপক্ষই৷ যাৰ বাবে বৃহস্পতিবাৰে এই ঘোষণা কৰে৷

হোৱাটছ এপৰ কুইক ফৰৱাৰ্ড বুটামত এই পদ্ধতি সংলগ্ন কৰা হৈছে৷ হোৱাটছ এপ কৰ্তৃপক্ষই কয় যে ভাৰতত হোৱাটছ এপ ব্যৱহাৰকাৰীৰ বাবে পৰীক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ তাৰ লগে লগে ফৰৱাৰ্ড মেচেজৰ সংখ্যা কেৱল ৫টা কৰা হ’ল৷ কুইত ফৰৱাৰ্ড বুটাম এতিয়াৰ পৰা নাথাকিব৷  

ভুৱা খবৰ প্ৰচাৰ ৰোধ কৰাৰ বাবে হোৱাটছ এপ কৰ্তৃপক্ষই এই পদ্ধতি অৱলম্বন কৰিছে৷ এনেধৰণৰ মেচেজৰ দ্বাৰা অপপ্ৰচাৰ হোৱাৰ ফলত ইতিমধ্যে কেইবাগৰাকী লোকৰ মৃত্যু হোৱাৰ ফলত এই পদ্ধতিৰ দ্বাৰা ভুৱা খবৰ ৰোধ কৰা হ’ব৷