ডিজিটেল ডেস্কঃ এতিয়াৰ পৰা হোৱাটছএপ আপডেট কৰাৰ লগে লগে আগৰ মেছেজবোৰ শুনিব পাৰিব ইউজাৰ্ছে৷ হোৱাটছ এপৰ নতুন সংস্কৰণত সন্নিবিষ্ট হ’ব এই নতুন ফিচাৰছ৷ অৱশ্যে আইফোন ব্যৱহাৰকাৰীয়েহে পাব এই নতুন সুবিধা৷

তদুপৰি এইবাৰ গাড়ী চলোৱাৰ সময়ত হেণ্ডছ ফ্ৰী ফিচাৰো সন্নিবিষ্ট  হৈছে এই নতুন হোৱাটছ এপত৷ তদুপৰি উক্ত মেছেজসমূহৰ মৌখিকভাৱে ৰিপ্লাই কমাণ্ডো দিব পাৰিব ব্যৱহাৰকাৰীয়ে৷ আইফোনৰ আইঅএছ ১০.৩+ ত এই সুবিধা পোৱা যাব৷