পাঞ্জাবাৰীঃ জন্মভূমিৰ বাবে সকলোৱে ভাল কাম কৰিব বিচাৰে৷ এই অনুযায়ী আমি সকলোৱে পেছাগতভাৱে কোনো নহয় কোনো এটা কামত জড়িত হৈ আছো৷ নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাসহকাৰে পালন কৰি আমি সকলোৱে আগুৱাই নিব খোজে জন্মভূমিক৷ বিশেষকৈ নিজে বাস কৰা ঠাইখন সকলোৱে চাফ-চিকুণকৈ ৰাখিব বিচাৰে৷
দেশবাসীক সু-স্বাস্থ্য প্ৰদান কৰিবলৈ প্ৰতিটো অঞ্চল পৰিস্কাৰকৈ ৰখাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে কোটি কোটি টকা ব্যয় কৰি স্বচ্ছ ভাৰত অভিযান আঁচনি ৰূপায়ণ কৰিছে। তাৰ মাজতে একাংশ লোকে ঝাডু হাতত লৈ কেমেৰাৰ লেন্সত বন্দী হোৱাৰ তাড়নাত কাম কৰা দেখা যায়৷ ইয়াৰ বিপৰীতে দিন ৰাতি একাকাৰ কৰি চহৰ-নগৰসমূহ পৰিস্কাৰ কৰে চাফাই কৰ্মীয়ে৷ সীমান্তত যিদৰে শত্ৰুপক্ষৰ পৰা দেশমাতৃক ৰক্ষাৰ বাবে সৈনিকসকলে পহৰা দিয়ে তেনেদৰে সীমাৰ ভিতৰত থাকি শত্ৰু ৰূপী লেতেৰা-আৱৰ্জনাৰ পৰা দেশবাসীক ৰক্ষা কৰি আহিছে এইসকল ছাফাই কৰ্মীয়ে।