64
পাঞ্জাবাৰীঃ এটা বিশেষ শুকুৰবাৰ। পদ্ম পতাকাৰে ভৰি পৰিছিল সদা ব্যস্ত মহানগৰীৰ চৌদিশ। সজাই-পৰাই তোলা হৈছিল প্ৰতিটো পথ-উপপথ। এনেকৈয়ে এদিনৰ বাবে হ’লেও স্বচ্ছ হৈ পৰিছিল গুৱাহাটী। সকলোতে দেখা গৈছিল নিয়ম-শৃখলা।
দেশৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ মহানগৰীক এনেদৰে সজাই-পৰাই তুলি পৌৰ নিগম ব্যস্ত হৈ পৰিছিল আন এক অভিযানত। এই অভিযানৰ পিছতে হঠাৎ অন্তৰ্ধান হৈ পৰিছিল ৰাজপথত অনাই-বনাই ঘূৰি থকা গো-মাতাসকল।