ডিজিটেল ডেস্কঃ ছচিয়েল মিডয়াত যোৱ ০৯ ফেব্ৰুৱাৰীৰ পৰা ব্যাপক চৰ্চা আৰম্ভ হৈছে এটি বিশেষ ভিডিঅ’ৰ৷ সকলোৱে এতিয়া ভিডিঅ’টো শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে৷ এই ভিডিঅ’টো শ্বেয়াৰ কৰি ভেলেন্টাইন ডে’ৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন কৰা পৰিলক্ষিত হৈছে৷ ভেলেন্টাইন ডে’লৈ মাজত মাথো কেইটামান ঘন্টা৷ যুৱক-যুৱতীৰ বাবে এই দিনটো বিশেষ দিন বুলি কোৱা হয়৷
পৰস্পৰে-পৰস্পৰক বুজিবৰ বাবে নতুন চিন্তা কৰে এই দিনটোত৷ কিন্তু এই দিনটোক এইবাৰ বিশেষ মাত্ৰা প্ৰদান কৰিছে এটা ভিডিঅ’ই৷ ভেলেন্টাইন ডে’ৰ প্ৰাকমুহূৰ্তত জুইৰ গতিত ভাইৰেল হৈ পৰিছে ভিডিঅ’টো৷ মালয়ালম বোলছবি ‘Oru Adaar Love’ৰ এটি গীতৰ এটি দৃশ্যই খলকনি লগাই ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ আদিত৷ মেনেক্যা মালাৰীয় পুভি শীৰ্ষক গীতটো ভাইৰেল হৈ পৰে৷ গীতটোত স্কুলীয়া সময়ৰ ভালপোৱাক প্ৰতিফলিত কৰিছে৷