গুৱাহাটীঃ বাল্যকালৰ বন্ধুৰ নিৰুদ্দেশ হোৱা ঘটনা সন্দৰ্ভত আলোচনা বিৰোধী পক্ষ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিলে আলাফাৰ সেনাধক্ষ্য পৰেশ বৰুৱাই৷ পৰেশ বৰুৱাই অসমৰ সংবাদ মাধ্যমক শুকুৰবাৰে জানিবলৈ দি কয় যে আলফাৰ দাবী সাৰ্বভৌমত্ব সন্দৰ্ভত আলোচনাৰ পোষকতা কৰি ভাৰত চৰকাৰৰ হৈ আলফাৰ সৈতে যোগাযোগ কৰিছিল ৰেৱতী ফুকনে৷ এটি সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে ৰেৱতী ফুকনে ভাৰত চৰকাৰ আৰু আলফাৰ মাজত শান্তি আলোচনা কৰাৰ বাবে পৰেশ বৰুৱাৰ সৈতে যোগাযোগ কৰিছিল বুলিও প্ৰকাশ কৰে৷ 

উল্লেখ্য যে, ৫ দিনে সন্ধান নাই পিচিজিৰ অন্যতম সদস্য ৰেৱতী ফুকনৰ৷ আলফা চৰকাৰৰ শান্তি আলোচনাৰ অন্যতম হোতা তথা প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ ৰেৱতী ফুকন যোৱা ২২ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ আছে৷ ফুকনৰ নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ সাহায়ৰ নেতৃত্বত অসম আৰক্ষীয়ে সন্ধান অভিযান অব্যাহত ৰাখিছে যদিও নিৰুদ্দেশ হোৱাৰ ৫ দিন পিছতো আৰক্ষী কোনো সন্ধান দিব পৰা নাই ৰেৱতী ফুকনৰ৷ 

ইফালে ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনে পিতৃক অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰি ভাৰত চৰকাৰ আৰু পৰেশ বৰুৱাৰ যোগাযোৰ মধ্যস্থতাকাৰী আছিল বুলি কয়৷ পিতৃয়ে আলফা সেনাধক্ষ্য পৰেশ বৰুৱাক আলোচনালৈ আনিব বিছাৰিছিল বুলি কৈ কোনো আলোচনাবিৰেধী লোকে ৰেৱতী ফুকনক অপহৰণ কৰিছে বুলি সন্দেহ ব্যক্ত কৰিছে পুত্ৰ কৌশিকে৷

আনহাতে পৰেশ বৰুৱাই এমাহ পূৰ্বে ৰেৱতী ফুকনে আলফাক আলোচনাৰ কথা কৈছিল বুলি কয়৷ ভাৰত চৰকাৰৰ হৈ ফুকনে আলফাক আলোচনাৰ কথা জনাইছিল। ফুকনে সাৰ্বভৌমত্বৰ ওপৰত আলোচনা কৰিবলৈ চেষ্টা কৰি সেই হিচাপত তেওঁ ড্রাফট সাজু কৰি আছিল৷