newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে ৰাজ্যখনৰ নতুন চৰকাৰ গঠনক লৈ সৃষ্টি হৈছে মত-বিবাদৰ৷ মঙলবাৰে নিৰ্বাচনৰ ত্ৰিশংকুশ ফলাফলৰ পাছতে কংগ্ৰেছ-জেডিএছ আৰু বিজেপিয়ে চৰকাৰ গঠনৰ বাবে উঠি পৰি লাগিছে৷
বুধবাৰে কংগ্ৰেছে নিৰ্বাচনত জয়লাভ কৰা ৭৮ গৰাকী বিধায়কক লৈ এখন বৈঠক অনুষ্ঠিত কৰিব৷ কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া বৈঠকখনত সিদ্ধাৰামাইয়া আৰু কংগ্ৰেছ দলৰ কেন্দ্ৰীয় প্ৰতিনিধি সকল উপস্থিত থাকিব৷