ডিজিটেল ডেক্সঃ শংকিত হ’ব নালাগে এয়াৰটেলৰ গ্ৰাহকসকল। এয়াৰচেল সেৱা বন্ধ হৈ যোৱাৰ পাছত এয়াৰটেলৰো দশা এয়াৰচেলৰ দৰে হ’বগৈ বুলি বহুতে শংকাত ভুগি আছে। পিছে সেই শংকা অমুলক হিচাপে বিবেচিত হৈছে। কাৰণ, বন্ধ কৰাটো দুৰৈৰ কথা, ভাৰতী এয়াৰটেলে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত ইয়াৰ সেৱা অধিক প্ৰসাৰহে কৰিব বুলি ঘোষণা কৰিছে।
২০১৮-১৯ বিত্তীয় বৰ্ষত কোম্পানীটোৱে ছয় হাজাৰ নতুন টাৱাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত স্থাপন কৰিব। এই লক্ষ্যত উপনিত হোৱাৰ পাছত অঞ্চলটোত কোম্পানীটোৰ ছাইটৰ পৰিসৰ মুঠ ম’বাইল সেৱাৰ ৩১ শতাংশ, অৰ্থাৎ ২৫,০০০ টালৈ বৃদ্ধি পাব। তদুপৰি হাই স্পীড ডেটাৰ বাবে কোম্পানীটোৱে নতুনকৈ ৩০০০ কিলোমিটাৰজোৰা অ’প্টিকেল ফাইবাৰ বহুৱাব। বৰ্তমান এই কেবোলৰ দৈৰ্ঘ ১৩,০০০ কিলোমিটাৰ।