গুৱাহাটীঃ বাথৌৱে দৰ্জা নোখোলে। কিয়নো তাৰ দৰ্জাখনৰ সিপাৰে আছে এজাক নম্বৰ পিপাসু মানুহ। সেই মানুহজাকে পৰীক্ষাৰ নম্বৰেৰে জুখিব বিচাৰে প্ৰতিভা। 

এয়া কোনো নাটকৰ সংলাপ নহয়। এয়া স্বাভাৱিকতে আমি দেখি অহা এক দৃশ্য। ব্যক্তিগত প্ৰতিভাক বিকাশৰ সুবিধা দিয়াৰ সলনি সকলোকে নম্বৰৰ ঠেক গণ্ডীৰ মাপকাঠীৰে প্ৰতিভা জোখা এই সমাজখনত স্বকীয় প্ৰতিভাৰে উজলি উঠাৰ বাবে সুযোগেইবা ক’ত। এনেই এক জটিল প্ৰশ্ন উত্থাপন কৰিছে এখন ব্যতিক্ৰম ধৰ্মী চুটি ছবিয়ে। 

সন্তানৰ মানসিক ক্ষেত্ৰখন নম্বৰৰ সীমাৰ মাজত বন্দী হৈ থকা হাজাৰ হাজাৰ যুৱ মনৰ প্ৰতিনিধি হৈছে অনুভৱ মহন্ত পৰিচালিত চুটি ছবি 'বাথৌ দৰ্জা খোল’ৰ নায়ক বাথৌ।

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সঞ্জীৱ সভাপণ্ডিতে উন্মোচন কৰা 'বাথৌ দৰ্জা খোল’ নামৰ চুটি ছবিখনে সকলো অভিভাৱককে চিন্তিত কৰি তোলাটো ধুৰুপ। 

পিতৃ-মাতৃৰ পৰা পো‌ৱা ঠাট্টা-মস্কৰাই ছাত্ৰ-ছাত্ৰীৰ কোমল মনত গভীৰ ৰেখাপাত কৰে। এইবোৰ কাৰণতে এজন ভাল ছাত্ৰই নিজৰ বাবে ভীষণ লজ্জাবোধ আনকি নীচাত্মিকাবোধত ভোগে। এই নিচাত্মিকতাবোধে পিছলৈ মানসিক বিকাৰলৈ পৰিণত হৈ এখন নোখোলা দৰ্জা হৈ পৰিব পাৰে। এনেই নিষ্ঠুৰ সত্যৰে এক নিৰ্মম দৃশ্য 'বাথৌ দৰ্জা খোল’ চুটি ছবিখন।

অনুকম্পা আৰু উৎসাহেৰে বাট দেখুৱালে হয়তো বাথৌয়ে দৰ্জা খুলিলেহেঁতেন। বাথৌৱেও জগত জিনি দেখুৱালেহেঁতেন। তেনে এক অৱকাশৰেই উপসংহাৰ কৰা হৈছে চুটি ছবিখনৰ। 

এনেদৰে হাজাৰজন বাথৌৰ মনত ন সঞ্জী‌ৱনীৰ সৃষ্টি কৰাৰ বাবে অভিভাৱকলৈ স্পষ্টতঃ এক ইংগিত দিছে এই চুটি ছবিখনে। শিক্ষাৰ মাপকাঠি দৰাচলতে যে নম্বৰ আৰু পাৰ্চেণ্টেজ নহয় সেই কথা বুজিবলৈ ৬ মিনিট ৪৭ ছেকেণ্ডৰ এই চুটি ছবিখনেই যথেষ্ট। 

'শিক্ষাৰ উদ্দেশ্যই হৈছে ছাত্ৰ-ছাত্ৰীক উৎসাহ যোগোৱা, উৎসাহেই জীৱনটো সফল কৰাৰ বাবে ইন্ধনৰ দৰে কাম কৰে ছাত্ৰ-ছাত্ৰীৰ মনত।’ এনেদৰে কয় অনুষ্ঠানত উপস্থিত আব্দুল আজিজ চৌধুৰীয়ে। উদ্ভা‌ৱনৰ প্ৰতি আগ্ৰহ তথা সৃষ্টিশীল মন এটা গঢ়ি তোলাহে শিক্ষাৰ উদ্দেশ্য বুলি চৌধুৰীয়ে মত প্ৰকাশ কৰে।  

প্ৰতি এঘণ্টাত এজনকৈ ছাত্ৰই ভাৰতত আত্মহত্যা কৰে। এই তথ্য নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰৰ। কেতিয়ালৈ এনেদৰে দৰ্জা খুলি বাথৌক বঁচাব পাৰিম আমি? এয়া সভ্য সমাজৰ বাবে এক প্ৰাসংগিক তথা শিপাসন্ধানী প্ৰশ্ন।