ডিজিটেল ডেস্কঃ কপিল শৰ্মা৷ টিভিৰ পৰ্দাত হাঁহিৰ খোৰাক যোগোৱা কপিল শৰ্মাৰ সমগ্ৰ বিশ্বজুৰি আছে লক্ষ লক্ষ অনুৰাগী৷ টিভিৰ এটা ব্যক্তিগত চেনলৰ এটা শ্বৰ যোগেদি সকলোৰে মনত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা কপিল শৰ্মাৰ ৰিয়েলিটি শ্ব’ এতিয়া টিভিৰ পৰ্দাত দেখা নাপায় অনুৰাগীয়ে৷ ‘দ্য কপিল শৰ্মা শ্ব’ নামৰ টিভিৰ ৰিয়েলিটি শ্ব’টো বন্ধ হোৱাৰ পাছত এতিয়া অসংখ্য অনুৰাগীৰ মনত প্ৰশ্নৰ উদয় হৈছে কিয় হাঁহিৰ সদাগৰজনে টিভিত দেখা দিয়া নাই৷ পিছে কপিল শৰ্মা আৰু তেওৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘দ্য কপিল শৰ্মা শ্ব’ এতিয়া অনুৰাগীয়ে দেখা নোপোৱাৰ আঁৰত আছে বিশেষ কাৰণ৷
