গুৱাহাটীঃ কিছুদিন পূৰ্বে স্বাক্ষৰিত বড়ো শান্তি চুক্তিক লৈ আনন্দ আৰু উৎকণ্ঠা সমানে বিৰাজ কৰিছে। বহুতৰ মতে বৰ অসমৰ ভেটি এনেকৈয়ে লাহে লাহে উচন হৈছে। আনহাতে, আন বহুতেই আদৰণি জনাইছে এই চুক্তি। কেবা দশক ধৰি চলি অহা নিৰৱচ্ছিন্ন সংগ্ৰামে সন্ত্ৰাসিত কৰি ৰখা বড়োভূমিত শান্তিৰ পৰিবেশ প্ৰকৃততেই উভতি আহিবনে? বিটিআৰ চুক্তিক বড়োসকলে যিদৰে আদৰি লৈছে, সমানে ইয়াৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিটিএডিৰ অবড়ো ৰাইজ।
উল্লেখ্য যে, পৃথক বড়োলেণ্ডৰ দাবীৰে গঠিত বিদ্ৰোহী সংগঠন এন ডি এফ বিৰ ১৫৫০ জন সদস্যই ৩০ জানুৱাৰীত তৃতীয় বড়ো শান্তি আলোচনাৰ চুক্তি সম্পাদিত কৰি মূল সুতিঁলৈ উভতি আহিছে।
কি আছে বড়ো শান্তি চুক্তিত?
এই চুক্তি অনুযায়ী বিটিএডিৰ নাম সলনি কৰি বিটিআৰ কৰা হ'ব। বিটিআৰৰ সম্পূৰ্ণ নাম হৈছে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজ'ন। চুক্তিত বিটিএডিৰ পূৰ্বৰ ৪০ খন আসন বৃদ্ধি কৰি ৬০খন কৰাৰ কথা কোৱা হৈছে। বড়ো বসতি প্ৰধান অঞ্চল অন্তৰ্ভুক্তিৰ বাবে প্ৰতিবেদন দাখিল কৰাৰ লগতে পূৰ্বৰ তুলনাত বিটিআৰ প্ৰশাসনত অধিক ক্ষমতা প্ৰদান কৰা হৈছে এই চুক্তিৰ জৰিয়তে।
চুক্তিখনত বড়ো ভাষাৰ উন্নয়নৰ বাবে শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে বড়ো ভাষাক অসমৰ চৰকাৰী সংযোগী ভাষাৰ স্বীকৃতি প্ৰদান কৰা হৈছে। ইয়াৰ লগতে একাধিক নতুন উচ্চ আৰু কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান, চিকিৎসালয় আদি স্থাপনৰ কথাও চুক্তিত উল্লেখ আছে। এনে বহু কেইটা উল্লেখযোগ্য বিষয় সন্নিবিষ্ট কৰি এই চুক্তি কেন্দ্ৰই সম্পাদনা কৰিলে যদিও চুক্তিখনক লৈ সন্তুষ্ট হ’ব পৰা নাই বিটিএডিত বাস কৰা অবড়ো জনতা।
কিয় এই চুক্তিক লৈ অসন্তুষ্ট বিটিআৰবাসী অবড়ো?
সমগ্ৰ বিটিআৰত বড়ো-অবড়োৰ অনুপাতলৈ চালে দেখা যায় যে বড়োসকলৰ অনুপাতে অবড়োৰ সংখ্যা বেছি। তাত বাস কৰা বড়ো জনগোষ্ঠীয় লোকৰ সংখ্যা হৈছে প্ৰায় ৩০ শতাংশ আৰু অবড়োৰ সংখ্যা হৈছে প্ৰায় ৭০ শতাংশ। কিন্তু এই ৭০ শতাংশ লোকৰ সমূহ চৰকাৰী সা-সুবিধা বড়োসকলে বৰ্তমানলৈ গ্ৰহণ কৰি আহিছে। প্ৰথম বড়ো শান্তি চুক্তিত যদিও উল্লেখ আছে যে বড়োলেণ্ডত বড়ো-অবড়ো সকলোৰে সমান অধিকাৰ থাকিব, কিন্তু তৃতীয় বড়ো শান্তি চুক্তিত এই কথাই বিশেষ প্ৰাধান্য লাভ নকৰিলে। বড়োভূমিত এতিয়া কোনো অনা বড়োৱে ৰাজনৈতিক কাৰ্যকলাপত প্ৰত্যক্ষ অংশগ্ৰহণৰ সুযোগ লাভ নকৰিব। লগতে অনা বড়োসকলে (পূৰ্বৰে পৰা বাস কৰি অহাসকলক বাদ দি) তাত ভূমি বিস্তাৰ কৰিব নোৱাৰিব। এই চুক্তিত ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণৰ সৈতে জড়িত এনডিএফবিৰ ৰঞ্জন দৈমাৰীৰো স্বাক্ষৰ থকা বিষয়টোক লৈও অসন্তুষ্ট হৈ পৰিছে অবড়োসকল।
নিৰাপত্তাজনিত কাৰণত নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক বিটিআৰৰ অবড়ো সংগঠনৰ এজন নেতাই NNOৰ আগত কয় যে যিখন চুক্তিত শতাধিক লোকৰ হত্যাকাৰীৰ স্বাক্ষৰ আছে সেইখন চুক্তিয়ে সাধাৰণ ৰাইজক নিৰাপত্তা দিব বুলি ভবাৰ কোনো থলেই নাই।
'বিভিন্ন অনৈতিক কাৰ্যত লিপ্ত হৈ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ৰঞ্জন দৈমাৰী কেৱল ৰাজনৈতিক বল প্ৰয়োগেৰে মুকলি আকাশৰ তলত আছে। তেনে এজন অপৰাধীয়ে আহি এনে এখন শান্তি চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিয়ে কেৱল বড়োসকলৰ সুৰক্ষাৰ দিশটোক গুৰুত্ব প্ৰদান কৰিছে। এই চুক্তিয়ে বড়োভূমিৰ সন্ত্ৰাসৰ উপশম ঘটালে যদিও ইয়াত বাস কৰা অবড়োসকলৰ কোনো ধৰণৰ সুৰক্ষাৰ কথা নক'লে। বৰঞ্চ আমাৰ পূৰ্বৰ অধিকাৰসমূহ হ্ৰাসহে কৰিলে।’- চুক্তিখন এতিয়াও চৰকাৰে সম্পূৰ্ণকৈ প্ৰকাশ কৰা নাই বুলি উল্লেখ কৰি এইদৰে কয় অবড়ো সংগঠনৰ নেতাজনে।
তেওঁ আৰু কয়, 'আমাৰ শংকা হৈছে যে চুক্তিখনত জীয়াই থকাৰ মৌলিক অধিকাৰসমূহ আমাৰ পৰা কাঢ়ি নিব পৰা সমলো হয়তো আছে। সেয়ে চুক্তিখন আমাৰ পৰা গোপন কৰি ৰখা হৈছে। আমি বহু যুগ ধৰি ইয়াত বসবাস কৰি আছো যদিও আমাক ইয়াত কোনোধৰণৰ চৰকাৰী সা-সুবিধা দিয়া হোৱা নাই। আমি অধিকাৰৰ সপক্ষে মাত মাতিলেও আমাক সন্ত্ৰাসেৰে দমন কৰা হৈছে। আমি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী আৰু অসমৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰক লৈ আশাবাদী আছিলো যে তেওঁলোকে আমাক অৱমাননা নকৰিব। কিন্তু প্ৰকাশিত চুক্তিত আমাক সম্পূৰ্ণৰূপে অৱমাননা কৰা হৈছে।’
১২ ফেব্ৰুৱাৰীৰ বৈঠক
অসমৰ অন্যান্য জিলাসমূহৰ দৰে বিটিআৰতো অন্য ভাষা অন্য সম্প্ৰদায়ৰ লোকে বসবাস কৰি আহিছে। বহুদিন ধৰি বড়োলেণ্ডত পৃথক বড়ো ৰাজ্যৰ বাবে হৈ থকা নিৰবচ্ছিন্ন আন্দোলনে অন্য জনগোষ্ঠীৰ ওপৰত বহু সময়ত আক্ৰমণাত্মক ৰূপ লোৱাৰ তথ্যও আছে। তেনে ক্ষেত্ৰত বিদ্ৰোহী সংগঠনৰ সদস্যসকলক গামোছা পিন্ধাই চৰকাৰী সাহায্যৰ লগতে অন্যান্য সুুবিধাসমূহ প্ৰদান কৰা হ'ল যদিও বড়োভূমিত থকা অবড়োসকলৰ বাবে কোনো স্পষ্ট মত কিয় দিয়া নহ'ল বুলিও এতিয়া প্ৰশ্ন উত্থাপন কৰিছে অঞ্চলটোৰ অবড়ো ৰাইজে।
এনে পৰিপ্ৰেক্ষিততে বিটিআৰৰ অবড়ো দল-সংগঠনসমূহৰ প্ৰতিনিধিসকলে এতিয়া বাট চাই ৰৈছে অহা ১২ ফেব্ৰুৱাৰীত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াৰ উপস্থিতিত অসম চৰকাৰৰ সৈতে হ’বলগীয়া যুটীয়া বৈঠকলৈ। অৱশ্যে ইয়াৰ পূৰ্বে ৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ বিজয় উৎসৱত ভাগ ল’বলৈ অসমলৈ অহাৰ সময়তে গুৱাহাটী বিমান বন্দৰত অবড়োসকলৰ সুৰক্ষাৰ বিষয়টো দাঙি ধৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই। সাক্ষাৎকালত সাংসদগৰাকীয়ে প্ৰধানমন্ত্ৰীগৰাকীক কম সময়ৰ ভিতৰতে অবড়োৰ সমস্যাসমূহৰ বিষয়ে বিতংভাৱে অৱগত কৰে।
অবড়ো সুৰক্ষা আন্দোলন আৰু সাংসদ নৱ শৰণীয়া
২০১৪ চনৰ লোকসভা নিৰ্বাচন। বিটিআৰ তেতিয়া বিটিএডি। বিটিএডিৰ অবড়ো ৰাইজৰ সমস্যাক আধাৰ হিচাপে লৈ অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থনত অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কোকৰাঝাৰ সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আত্মসমৰ্পণকাৰী আলফা নেতা নৱ কুমাৰ শৰণীয়া ওৰফে হীৰা শৰণীয়াই। ফলাফলৰ ঘোষণাৰ দিনা উৎফুল্লিত হৈ পৰিছিল কোকৰাঝাৰ সমষ্টিৰ অবড়ো জনতা। কিয়নো সমষ্টিটোত প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল এজন অবড়ো অনুসূচিত জনজাতিৰ প্ৰাৰ্থী।
ইয়াৰ পিছতে পূৰ্বৰ তুলনাত ৰাজনৈতিকভাৱে কিছু শক্তিশালী অনুভৱ কৰিবলৈ লয় অঞ্চলটোৰ অবড়ো ৰাইজে। সভাই-সমিতিয়েও সাংসদ নৱ শৰণীয়াৰ নেতৃত্বত পূৰ্বতকৈ অধিক আত্মবিশ্বাসেৰে সংঘৱদ্ধ হ’বলৈ আৰম্ভ কৰে অবড়ো ৰাইজে। এই সন্দৰ্ভত NNOৰ সৈতে হোৱা বাৰ্তালাপত সাংসদগৰাকীয়ে কয় যে যিহেতু বড়োসকলে শান্তি চুক্তিৰ জৰিয়তে সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰিলে গতিকে প্ৰত্যক্ষ সংঘাতৰ কোনো কথা এতিয়া আহিব নোৱাৰে। ইয়াৰ পৰিৱৰ্তে এতিয়াৰে পৰা অবড়োসকলে ৰাজনৈতিক সংগ্ৰাম আৰম্ভ কৰাতহে অধিক গুৰুত্ব আৰোপ কৰে সাংসদ শৰণীয়াই।
'আমাৰ বিষয়টো স্পষ্ট। প্ৰথম কথা হ’ল তিনিখনকৈ চুক্তিৰ ফলত যিখিনি মানুহ ভুক্তভোগী হ’ল সেই মানুহখিনিক অধিকাৰ আৰু সুৰক্ষা প্ৰদান কৰা। দ্বিতীয়টো হৈছে, এটা জাতিৰ সৈতে চৰকাৰে আলোচনাৰ জৰিয়তে এক অধ্যায়ৰ সমাপ্তি ঘটোৱাৰ পিছত উক্ত অঞ্চলটোত থকা বাকী জাতি-জনগোষ্ঠীসকলৰ বাবে চৰকাৰৰ ডিজাইনটো কি হ’ব সেয়া স্পষ্ট কৰি দিয়া। আৰু শেষ কথা হৈছে যোৱা ৩০-৪০ বছৰে অবড়ো ৰাইজে যি সমস্যাৰ সন্মুখীন হ’ল তাৰ ক্ষতিপূৰণৰ লগতে বৰ্তমান তেনে সমস্যাৰ উদ্ভৱ নোহোৱাৰ নিশ্চিতি আমাক লাগিব।’-এইদৰে কয় ১২ ফেব্ৰুৱাৰীৰ আলোচনাক লৈ আশাবাদী হৈ থকা সাংসদগৰাকীয়ে।
পৃথক বড়ো ৰাজ্য সন্দৰ্ভত কি কয় নৱ শৰণীয়াই?
তৃতীয় বড়ো চুক্তিত পৃথক বড়ো ৰাজ্য গঠনৰ প্ৰসংগ নাথাকিলেও সাংসদ নৱ শৰণীয়াই আংশকা প্ৰকাশ কৰিছে যে বিটিআৰে অতি সহজেই পৃথক ৰাজ্য গঠনৰ বাট মুকলি কৰিব। পৃথক বড়ো ৰাজ্য গঠনৰ ক্ষেত্ৰত বিটিআৰ এক পদক্ষেপ হিচাপে ভবাৰ থল আৰু যুক্তি আছে বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয়, 'চৰকাৰে কৈছে যে নতুন একো কৰা নাই, আগৰ চুক্তিখনকে অলপ ইফাল-সিফাল কৰি উন্নীত কৰিছে। চুক্তিত স্বাক্ষৰকাৰীসকলেও সেই কথা কৈছে যদিও তাৰ লগতে এয়াও মানি লৈছে যে ইয়াৰ পিছত পৰ্যায়ক্ৰমে এখন সুকীয়া ৰাজ্য গঠন হোৱাৰ সম্ভাৱনা আছে। গতিকে এয়া স্পষ্ট যে বিটিআৰত ৰাজনৈতিক অধিকাৰক লৈ যিবোৰ কথা আছে সেইবোৰ সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাৰ পিছত অঞ্চলটো এখন পৃথক ৰাজ্য হৈ পৰিব। কিন্তু ৭০ শতাংশ ৰাইজৰ আশা-আকাংক্ষাক জলাঞ্জলি দি তেনে কৰিবলৈ গ’লে আমি তাৰ বিৰোধিতা কৰিবলৈ সদায় সাজু আছো।’
বিটিআৰৰ নামত অসম দ্বিখণ্ডিত হ’লে অসমৰ অস্তিত্বলৈ ভাবুকি আহি পৰিব বুলিও শংকা প্ৰকাশ কৰে সাংসদ শৰণীয়াই। ইয়াৰ লগতে নতুন ৰাজ্যৰ স্বীকৃতি লাভ কৰিলেও বিটিআৰে কোনো কাৰণতে এখন স্বতন্ত্ৰ ৰাজ্য হোৱাতো সম্ভৱ নহ’ব বুলিও দাবী কৰে সাংসদগৰাকীয়ে।
'আজি উত্তৰ-পূবৰ বাকী ৰাজ্যবোৰলৈ চাওক। ভাগ ভাগ হৈ যোৱাৰ পিছত কি হৈছে তেওঁলোকৰ। এতিয়াও সেইবোৰ ৰাজ্য পিছপৰি আছে। যিসমূহ ৰাজ্যত সম্পদ আছে সেইবোৰ আগবাঢ়ি গৈছে। কিন্তু সম্পদ নথকাবোৰ এতিয়াও একেই আছে। বিটিআৰলৈ চাওক, এই অঞ্চলটোত কি সম্পদ আছে? একো নাই উল্লেখযোগ্য সম্পদ। গতিকে ৭০ শতাংশ মানুহৰ কথা বাদ দি তেনেকৈ ৰাজ্য গঠন কৰিলে তাৰ পৰিণাম ভয়াৱহ যে হ’ব সেয়া নিশ্চিত।’-বিটিআৰৰ নামত কোনো কাৰণতে অসমক দ্বিখণ্ডিত হ’বলৈ দিয়া নহয় বুলি স্পষ্ট কৰি দি অবড়ো ৰাইজক ৰাজনৈতিকভাৱে শক্তিশালী হ’বলৈ আহ্বান জনাই এইদৰে কয় ২০১৯ চনতো দ্বিতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হোৱা শৰণীয়াই।
কা বিৰোধী আন্দোলন আৰু এবছু-ছাত্ৰ সন্থাৰ মিতিৰালিক লৈ প্ৰশ্ন
এবছু আৰু ছাত্ৰ সন্থাৰ মিতিৰালিক লৈও প্ৰশ্ন উত্থাপন কৰিছে সাংসদ নৱ শৰণীয়াই। তেওঁ কয় যে ছাত্ৰ সন্থাই নেতৃত্ব গ্ৰহণ কৰা ৩০ টা জনগোষ্ঠীয় সংগঠনৰ ঐক্যমঞ্চত এবছু আছে যদিও এই সংগঠনটোৱে সুবিধাজনক স্থিতি গ্ৰহণ কৰি আছে। 'এবছুৱে কিছুমান স্বাৰ্থত আছুৰ সৈতে আছে। কিন্তু নিজৰ স্বাৰ্থত এবছু আছুৰ লগত নাই। নিজৰ স্বাৰ্থত এবছুৱে চৰকাৰৰ সৈতে বুজাপৰা কৰিবলৈ কোনো কাৰণতে পিছপৰি নাথাকে। এনেবোৰ কাৰণতে এতিয়া বিটিআৰৰ আছুৰ কৰ্মীসকল ভিতৰি ভিতৰি উদ্বিগ্ন হৈ পৰিছে।’-শৰণীয়াৰ ভাষ্য।
'কা’ বিৰোধী আন্দোলনৰ নেতৃত্ব গ্ৰহণ কৰা সকলৰো বিটিআৰক লৈ কোনো স্পষ্ট নীতি নাই বাবে অঞ্চলটোত উক্ত আন্দোলন স্তিমিত হৈ পৰিছে বুলিও মন্তব্য কৰে সাংসদ শৰণীয়াই। তেওঁ কয় যে আন্দোলনৰ নেতৃত্ব লোৱা সকলে বিটিআৰৰ অবড়ো সংগঠনসমূহৰ নেতা-কৰ্মীসকলক লগত থকাতো বিচাৰে যদিও নিজৰ সমস্যাৰ কথা ক’বলৈ ইচ্ছা প্ৰকাশ কৰিলৈ সেই সুবিধা প্ৰদান নকৰে। 'তেওঁলোকে বিচাৰে যে আমাৰ মানুহখিনি তেওঁলোকৰ মিটিঙলৈ যাওক। কিন্তু যেতিয়াই আমি কিবা এটা কবলৈ বিচাৰিম, আমাৰ সমস্যাৰ কথা উত্থাপন কৰিব বিচাৰিম তেতিয়া তেওঁলোকে আমাক অস্পৃশ্য জ্ঞান কৰে। গতিকে এইবাৰ প্ৰধানমন্ত্ৰীৰ আগমনক লৈ ইয়াত কোনো প্ৰতিবাদেই নহ’ল।’-শৰণীয়াই কয়।
আনহাতে অবড়ো ৰাইজৰ ৰাজনৈতিক অধিকাৰ নিশ্চিত কৰাৰ বাবেই কৌশলগত কাৰণতেই প্ৰধানমন্ত্ৰীৰ আগমনৰ দিনটোত ঘোষণা কৰা বন্ধ প্ৰত্যাহাৰ কৰা হৈছিল বুলিও জনাই সাংসদগৰাকীয়ে। তেওঁ কয় যে কোনো ৰাজনৈতিক বুজা-পৰাৰ বাবে নহয়, অসম চৰকাৰৰ পৰা লাভ কৰা আশ্বাসৰ ভিত্তিতহে বন্ধ প্ৰত্যাহাৰ কৰা হৈছে। 'বন্ধৰ পৰিৱৰ্তে আমি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছো। ইয়াৰ অৰ্থ এয়া নহয় যে আমি মিতিৰালি কৰিছো। যদিহে আমাৰ সৈতে বিশ্বাসঘাটকতা কৰে, প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পূৰণ নকৰে তেন্তে আমি পুনৰ নতুন কাৰ্যপন্থা গ্ৰহণ কৰিম।'-সাংসদগৰাকীৰ মন্তব্য।