কামপুৰঃ কেমেৰাৰ সন্মুখত হাতত ঝাড়ু লৈ চমক সৃষ্টি কৰাতেই সীমাবদ্ধ থাকিল নেকি দেশক পৰিস্কাৰ কৰাৰ প্ৰতিশ্ৰুতি৷ ৰৌজাল-বৌজাল কৰি বেনাৰ-পোষ্টাৰ লগাই টিভি চেনেল, বাতৰি কাকৰ পৃষ্ঠা ভৰাই বিজ্ঞাপন দি কোটি কোটি টকা খৰচ কৰাৰ অন্তত দেশ তথা ৰাজ্যৰ বহু ঠাই আজিও স্বচ্ছ ভাৰত অভিযানে ঢুকি নাপালে৷
২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ শাসন ভাৰ হাতত লৈয়ে স্বচ্ছ ভাৰত অভিযানৰ হৈ ব্যাপক প্ৰচাৰ চলাইছিল৷ দেশৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ধৰ্মীয় অনুষ্ঠান, ৰাজহুৱা অনুষ্ঠান, চক-বজাৰ সকলো ঠাই পৰিস্কাৰ কৰি ৰখাৰ বাবে দেশৰ জনসাধৰনক বিশেষকৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীক আহ্বান জনাইছিল৷