ডিজিটেল ডেস্কঃ গো-সন্ত্ৰাসৰ বিৰুদ্ধে 'নট ইন মাই নেম’ৰ শ্লোগানৰ অনুৰণন শেষ নৌহওতেই পশ্চিমবংগত জনতাৰ ভীৰৰ মাজতে মহিলা এগৰাকীক নৃশংসভাৱে হত্যা কৰা ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে।

পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাৰ ছেকেন্দ্ৰা গাঁৱত সোপাধৰাৰ সন্দেহতে মঙলবাৰে এনেদৰে ভিৰৰ মাজত ঘেৰি লৈ ৪২ বৰ্ষীয় অটেৰা বিবি নামৰ মহিলাগৰাকীক ৰছীৰে বান্ধি বহুসময় নৃংশস অত্যাচাৰ চলায়। উল্লেখ্য যে অটেৰা মিথিপুৰ-পানাগঢ় এলেকাৰ বাসিন্দা আৰু মানসিকভাৱে বাধাগ্ৰস্ত। 

পিছলৈ আৰক্ষীয়ে আহি অটেৰাক উদ্ধাৰ কৰি জংগীপুৰ উপ-চিকিৎসাকেন্দ্ৰত ভৰ্তি কৰে যদিও আঘাত গুৰুতৰ হোৱা বাবে অটেৰাই কৰুণ মৃত্যুক সাৱতি ল’ব লগা হয়। 

ভিৰৰ মাজৰ কোনো এজন লোকেই আগবাঢ়ি নাহিল অটেৰাক সহায়ৰ বাবে। সকলোৱে হাঁহি থাকিল, বন্যা উল্লাসত উন্মাদ ভিৰে ম’বাইলত কেৱল ঘটনাৰ ভিডিঅ’ ৰেকৰ্ড কৰাতহে ব্যস্ত থাকিল। 

আৰক্ষীয়ে দোষীক কৰায়ত্ত কৰাৰ বাবে ভিডিঅ’ ফুটেজ সংগ্ৰহ কৰিছে। অভিযান ইতিমধ্যে আৰম্ভ কৰা বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক আংশুমান চাহাই ইণ্ডিয়ান এক্সপ্ৰেছৰ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জনায়।