62
ডিজিটেল ডেস্কঃ গো-সন্ত্ৰাসৰ বিৰুদ্ধে ‘নট ইন মাই নেম’ৰ শ্লোগানৰ অনুৰণন শেষ নৌহওতেই পশ্চিমবংগত জনতাৰ ভীৰৰ মাজতে মহিলা এগৰাকীক নৃশংসভাৱে হত্যা কৰা ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে।
পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাৰ ছেকেন্দ্ৰা গাঁৱত সোপাধৰাৰ সন্দেহতে মঙলবাৰে এনেদৰে ভিৰৰ মাজত ঘেৰি লৈ ৪২ বৰ্ষীয় অটেৰা বিবি নামৰ মহিলাগৰাকীক ৰছীৰে বান্ধি বহুসময় নৃংশস অত্যাচাৰ চলায়। উল্লেখ্য যে অটেৰা মিথিপুৰ-পানাগঢ় এলেকাৰ বাসিন্দা আৰু মানসিকভাৱে বাধাগ্ৰস্ত।