গুৱাহাটীঃ হাতে হাতে লাঠী লৈ নিশা মহানগৰীৰ ৰাজপথত মহিলাৰ ৰুদ্ৰ মূৰ্তি। আৰক্ষী, আবকাৰী বিভাগৰ কামত মুঠেই সন্তষ্ট নহয় এই সকল মহিলা।

সেয়েহে দুৰ্গা ৰূপ ধাৰণ কৰি মহিলাসকলে মহানগৰীত চলালে সুৰা বিৰোধী অভািযান। সন্ধিয়াৰে পৰা নিশা এপৰলৈ ভিন্ন স্থানত স্বাধীন নাৰী শক্তি নামৰ সংগঠনটোৰ মহিলাসকলৰ খেদা খাই বাপ বাপ সুঁৱৰিলে বহু সুৰাপায়ী পুৰুষে।

সুৰা ব্যৱসায়ী, সুৰাপায়ী কোনোৱে সাৰি নগ'ল এই সকল মহিলাৰ পৰা। এঠাইত যদি সুৰা ক্ৰয় কৰা যুবকক মহিলাৰ দলটোৱে লাঠীৰে কোবাইছে ,আন এঠাইত আকৌ সুৰা কিনিবলৈ অহা যুৱক-পুৰুষসকলক পহু খেদা দিছে। মহিলাসকলৰ এনে ৰূপ দেখি সুৰা পানৰ লোভ সামৰি নাক বছাই কোনোমতে পলাই পত্ৰং দিয়ে অধিকাংশ সুৰা প্ৰেমীয়ে।

এনেদৰে সুৰা বিৰোধী স্বাধীন নাৰী শক্তিৰ সদস্যসকলে বৃহস্পতিবাৰে সুৰাৰ বিপণীসমূহৰ সমুখত একপ্ৰকাৰ কাল ৰূপ ধাৰণ কৰে। মদ কিনিবলৈ অহা কম বয়সীয়া কেবাজনো মদলোভী যুৱকক মহিলাৰ দলটোৱে কাণত ধৰি উঠা-বহা কৰিবলৈকো বাধ্য কৰে। 

জানিব পৰা মতে, সুৰা মুক্ত সমাজ গঢ়ি তোলাটোৱেই হৈছে সংগঠনটোৰ উদ্দেশ্য। চৰকাৰে ৰাজহৰ আশাত সুৰাৰ বিপণী বন্ধ নকৰে বুলি জানিয়েই এতিয়া দাবী-ধমকিৰে সুৰাপায়ীৰ সুৰাপানৰ বদভ্যাস আতৰোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে নাৰী সংগঠনটোৱে।

বুধবাৰৰ এই অভিযান কালত ৰাজ্য চৰকাৰৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধেও ক্ষোভ উজাৰে মহিলাসকলে।চৰকাৰৰ আবকাৰী নীতিৰো তীব্ৰ বিৰোধিতা কৰি সংগঠনটোৱে। 

"সুৰাৰ বাবেই সমাজখন ধ্বংসৰ দিশে গতি কৰিছে। গতিকে সমাজখন সুন্দৰ কৰি তুলিবলৈ হ'লে সুৰা নিষিদ্ধ কৰাৰ বাদে গত্যন্তৰ নাই।"-অনাগত দিনত অধিক ভয়াৱহ সুৰা বিৰোধী আন্দোলন গঢ়ি তুলিব বুলি সদৰী কৰি এইদৰে কয় নাৰী সংগঠনটোৰ নেতৃত্বই।