চৰাইদেউঃ অসম ক্ৰীড়া সাংবাদিক সন্থাই আজি চৰাইদেউত ক্ৰীড়া সাংবাদিকতাৰ কৰ্মশালা অনুষ্ঠিত কৰে৷ সোণাৰি প্ৰেছ ক্লাব, চৰাইদেউ জিলা ক্ৰীড়া সন্থা আৰু ৰাজ্য চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সহযোগত সোণাৰি মহাবিদ্যালয়ত প্ৰাংগনত অনুষ্ঠিত হয় কৰ্মশালা খন৷
চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনে উদ্বোধন কৰা কৰ্মশালাত প্ৰেছ ক্লাব’ৰ সদস্য অভিজিৎ ভূঞা, অল ইণ্ডিয়া স্পৰ্টচ এছোছিয়েচনৰ সভাপতি তথা অসম ক্ৰীড়া সাংবাদিক সন্থাৰ সভাপতি সুবোধ মল্ল বৰুৱা, অসম ক্ৰীড়া সাংবাদিক সন্থাৰ সম্পাদক তথা অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক বিদ্যুত কলিতা, দৈনিক জনমভূমি কাকতৰ প্ৰাক্তন আবাসিক সম্পাদক অৰুণ কুমাৰ দাস, প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক মৃণাল বৰা, আসাম টকছৰ ফটো সাংবাদিক ৰিপন দাস সমল ব্যক্তি হিচাপে উপস্থিত থাকে৷