ডিজিটেল ডেস্কঃ চলিত মাহৰ শেষৰ ফালে নতুবা ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহতে বজাৰত ২০০ টকাৰ নোট মুকলি কৰি দিব ৰিজাৰ্ভ বেংকে। ক’লা বেপাৰীসকলক আৰু এশিকনি দিবৰ বাবেই এই উদ্যোগ হাতত লোৱা হৈছে বুলি চৰকাৰী সূত্ৰই সদৰী কৰিছে।

সূত্ৰটোৱে কয় যে নোটৰ মাধ্যমেৰে চলি অহা দুৰ্নীতি ৰোধ কৰিবলৈকে দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ২০০ টকীয়া নোট মুকলি কৰা হ’ব। নোটক লৈ যাতে ক’লা বজাৰৰ উদ্ভৱ নহয় আৰু যোগান হ্ৰাস নহয় তাৰ বাবে আৰম্ভণিতে ৫০ কোটি টকাৰ নোট মজুত ৰখা হৈছে বুলি জানিব পৰা গৈছে।

'১০০ আৰু ৫০০ টকাৰ মাজত কোনো নোট নাই। সেয়ে ৰিজাৰ্ভ বেংকে ২০০ টকীয়া নোটে জনপ্ৰিয়তা লাভ কৰিব বুলি আশা কৰিছে। আনহাতে সকলোতে যাতে পৰ্যাপ্ত পৰিমাণে উপলব্ধ হয় তাৰো ব্যৱস্থা কৰি ৰাখিছে ৰিজাৰ্ভ বেংকে।’-এইদৰে কয় এটি সূত্ৰই। অৱশ্যে এতিয়ালৈকে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বেংক কৰ্তৃপক্ষই। 

পঢ়কঃ পদত্যাগ কৰিব ৰেলমন্ত্ৰী সুৰেশ প্ৰভুৱে

ষ্টেট বেংকৰ গ্ৰুপ চীফ ইকনমিষ্ট সৌম্যকান্তি ঘোষে এই নতুন নোটৰ প্ৰচলন আৰম্ভ হ’লে সৰ্বসাধাৰণ উপকৃত হ’ব বুলি আশা ব্যক্ত কৰিছে। '২০০ টকীয়া নোট বজাৰলৈ আহিলে ২০০০ টকীয়া নোটৰ প্ৰচলন হ্ৰাস পাব পাৰে।’-ঘোষে কয়। উল্লেখ্য যে বিমুদ্ৰাকৰণৰ পিছত নতুনকৈ ৰিজাৰ্ভ বেংক আৰু কেন্দ্ৰ চৰকাৰে ২০০০ টকীয়া নোটৰ প্ৰচলন আৰম্ভ কৰিছিল। 

তেতিয়াই ২০০ টকীয়া নোটো ছপা কৰা হ’ব বুলি অহুকাণে-পহুকাণে শুনিব পোৱা গৈছিল যদিও বিত্ত মন্ত্ৰণালয়ে অস্বীকাৰ কৰিছিল। অৱশেষত সেয়াই এতিয়া বাস্তৱত পৰিণত হ’বলৈ ওলাইছে। ইফালে অহা মাহৰ ভিতৰতে বজাৰত ৰিজাৰ্ভ বেংকে মুকলি কৰি দিব নতুন ডিজাইনৰ ৫০ টকীয়া নোট। সমান্তৰালভাৱে ১০০ টকীয়া নোটৰ ডিজাইনো সলনি কৰা হ’ব বুলি বিভিন্ন সূত্ৰই দাবী কৰি অহা দেখা গৈছে।

এটা সূত্ৰই আকৌ অন্ধবিশ্বাসৰ বাবেই কেন্দ্ৰ চৰকাৰে যুগ্ম সংখ্যাৰ নোটৰ প্ৰচলন আৰম্ভ কৰা বুলি মন্তব্য কৰিছে। ছ’চিয়েল মিডিয়াতো এই প্ৰসংগই ব্যাপক চৰ্চা লাভ কৰিছে। সূত্ৰটোৰ মতে যুগ্ম সংখ্যাই অৰ্থনীতিৰ বিকাশত ইতিবাচক প্ৰভাৱ পেলাই বুলি জন-বিশ্বাস আছে।

সেয়ে বিশ্বাস আদিক প্ৰাধান্য দিয়া বিজেপি চৰকাৰে হঠাৎ যুগ্ম সংখ্যাৰ ২০০০ আৰু এতিয়া ২০০ টকীয়া নোটৰ প্ৰচলন আৰম্ভ কৰা বুলি দাবী কৰিব খোজে সূত্ৰটোৱে। অৱশ্যে এনে দাবীক কল্পনাপ্ৰসূত আৰু মনে সজা আখ্যা দিছে অৰ্থনীতি বিশেষজ্ঞসকলে।