গুৱাহাটীঃ আজি বিশ্ব হৃদ দিৱস উপলক্ষে গুৱাহাটী প্ৰেচ ক্লাবত আয়োজিত হয় এক সজাগতা অনুষ্ঠান তথা সংবাদ মেল। ৰাজ্যৰ বিভিন্ন ঠাইত হৃদ ৰোগ সম্পৰ্কে ৰাইজক সচেতন কৰিবলৈ সজাগ সভাৰ লগতে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি আহিছে স্বেচ্ছাসেৱী সংগঠন হাৰ্ট কেয়াৰ ছ'চাইটিয়ে।

মেল খনৰ লগত সংগতি ৰাখিয়ে ডাঃ বিকাশ ৰায় দাসে কয় যে হৃদ ৰোগ কেৱল বয়স্ক লোকৰেই নহয় কম বয়সীয়া লোক, মহিলা তথা শিশু সকলো আক্ৰান্ত হ’ব পাৰে।

উক্ত অনুষ্ঠানত হাৰ্ট কেয়াৰ ছ’চাইটি, অসমৰ গুৱাহাটী শাখাৰ সভাপতি এ এন দাসো উপস্থিত থাকে। এই দিৱস উপলক্ষে মুক্তা বিশ্বাস সম্পাদিত 'হৃদয়' মুখপাত্ৰ খনি উন্মোচন কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ভৱেশ চন্দ্ৰ গোস্বামীয়ে। হাৰ্ট ছ'চাইটিৰ এনে সজাগতামূলক কাৰ্যসূচীক অধ্যাপক গোস্বামীয়ে প্ৰশংসা কৰে।

বিশেষ অতিথি হিচাপে উক্ত অনুষ্ঠানত উপস্থিত থাকে অভিনেত্ৰী জেৰিফা ৱাহিদ। উক্ত অনুষ্ঠানটোৰ আঁত ধৰে হাৰ্ট কেয়াৰ ছ'চাইটি অসমৰ গুৱাহাটী শাখাৰ সহকাৰী সম্পাদক বেলা নেওকাই। শলাগৰ শৰাই আগবঢ়াই হাৰ্ট কেয়াৰ ছ'চাইটি, অসমৰ গুৱাহাটী শাখাৰ উপ সভাপতি নীলাম্বৰ বুঢ়াগোহাঁইয়ে।