বিশ্বৰ কনিষ্ঠ বিজ্ঞানী হিচাপে স্বীকৃতি লাভ নলবাৰীৰ চিকিৎসকৰ পুত্ৰ কৌস্তৱৰ

 | by NNO Correspondent  |  0
Printer-friendly version

www.newsnextoen.com| নলবাৰীঃ ‘‘মানৱ জাতিক সৰ্বাংগীন বিকাশ কৰাৰ বাবে বিজ্ঞানক ক্ষেত্ৰ হিচাপে বাছি ল’লো। মানুহে কয় সমস্যা বিলাক নেওচি আগবাঢ়িব লাগে। কিন্তু মই ভাবো সমস্যা বিলাক সমাধান কৰিহে আগবাঢ়িব লাগে।’’

উক্ত মন্তব্য অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ কৌস্তৱ বি আৰ্যই আগবঢ়ায়৷

বিশ্বৰ কনিষ্ঠ বিজ্ঞানী হিচাপে স্বীকৃতি লাভ নলবাৰী চিকিৎসক পুত্ৰ কৌস্তৱৰ৷ উল্লেখযোগ্য যে সম্প্ৰতি, গুৱাহাটী মহানগৰৰ বৰবাৰীত বসবাস কৰা কৌস্তৱে বিশ্বৰ কনিষ্ঠ বিজ্ঞানী হিচাপে স্বীকৃতি লাভ কৰিছে। কৌস্তৱৰ গৱেষণা পত্ৰই সমগ্ৰ বিশ্বতে আলোড়ন সৃষ্টি কৰিছে। উল্লেখ্য যে কৌস্তৱৰ নিজা উদ্ভাৱন Naval vest আৰু Thoery of direction ৰ বাবে ফিনলেণ্ড আৰু ইটালীত অনুষ্ঠিত হ’ব লগা চায়েঞ্চ কনফাৰেঞ্চলৈ অামন্ত্ৰণ লাভ কৰিছে।

হেলমেটৰ ওপৰত কৰা গৱেষণাৰ বাবে গুগোল মুখ্য কাৰ্যলয় লৈ আমন্ত্ৰণ লাভ কৰিছে কৌস্তৱে। জানিব পৰা প্ৰসিদ্ধ জাৰ্ণেল স্কাই ভিজনত কৌস্তৱৰ গৱেষণা পত্ৰ প্ৰকাশ পাব। কৌস্তৱৰ এনে সফলতাই পিতৃ মাতৃ, সমগ্ৰ বাহঁজানীৰ লগতে বিদ্যালয়খনৰ সমূহ শিক্ষাগুৰুলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷

উল্লেখযোগ্য যে নলবাৰী জিলাৰ জানিগোগ গাঁৱৰ সু-সন্তান বিশিষ্ট সমাজ সেৱক, বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা গুৱাহাটী মেডিকেল কলেজ হস্পিতালৰ স্নায়ু ৰোগ বিভাগৰ মুৰব্বীঁ অধ্যাপক ডাঃ বসন্ত কুমাৰ বৈশ্য আৰু কুইন তালুকদাৰ বৈশ্যৰ পুত্ৰ কৌস্তৱ। তেওঁৰ সাফল্যত বাহঁজানীৰ বিভিন্ন অনুষ্ঠান  আদিকে ধৰি বিভিন্ন দল-সংগঠনে তেওঁক আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছে।