newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন-জা-ইনে সোমবাৰে নয়ডাত স্থাপন হোৱা বিশ্বৰ সৰ্ববৃহঁ মোবাইল কোম্পানীটোৰ উদ্বোধন কৰে৷
কোৰিয়া তথা বিশ্বৰ অন্যতম বৃহৎ মোবাইল ব্ৰেণ্ড ছেমচাঙৰ নয়ডাস্থিত বৰ্তমানৰ ৱৰ্কশ্ব’পৰ কাষতেই ৩৫ একৰ মাটি সামৰি ছেমচাঙৰ বিশ্বৰ বৃহত্তম মোবাইল নিৰ্মান কাৰখানাটোৰ নিৰ্মাণ কাৰ্য চলি আছে৷
কাৰাখানৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত বৰ্তমানতকৈ দুগুন মোবাইল কাৰখানাটোৰ পৰা প্ৰস্তুত কৰি উলিয়াব পৰা যাব বুলিও জানিব পৰা গৈছে৷
উল্লেখ্য যে, ছেমচাঙ ব্ৰেণ্ডে বৰ্তমান বছৰি ৬ কোটি ৭০ লাখ মোবাইল ফোন প্ৰস্তুত কৰি আহিছে৷ বিশ্বৰ বৃহত্তম মোবাইল নিৰমাণ কাৰখানাটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত কোম্পানীয়ে বছৰি ১২ কোটি মোবাইল হেণ্ডচেট প্ৰস্তুত কৰি ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ বজাৰত উপলব্ধ কৰাব পাৰিব৷
আনহাতে, মোবাইল হেণ্ডচেটৰ উপৰিও কাৰখানাটোত ৰিফ্ৰেজাৰিটৰও তৈয়াৰ কৰা হ’ব৷ জানিব পৰা মতে, এই প্ৰকল্পত ছেমচাঙে প্ৰায় ৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে৷ যোৱা বৰ্ষত ছেমচাঙ মোবাইল কোম্পানীয়ে ৩৪ হাজাৰ কোটি টকাৰ মোবাইল বিক্ৰি কৰিছিল৷
বিশেষজ্ঞসকলে মত প্ৰকাশ কৰা অনুসৰি, ছেমচাঙে ভাৱি চিন্তিয়েই এই নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰিছে৷ বৰ্তমান ভাৰতত ছেমচাঙ ব্ৰেণ্ড সকলোতকৈ বেছি মোবাইল বিক্ৰি কৰাত দ্বিতীয় স্থান আছে৷
আনহাতে, ভাৰতত বেছি মোবাইল হেণ্ডচেট বিক্ৰি কৰাৰ শীৰ্ষ ব্ৰেণ্ড হৈছে চিয়াওমি৷
ছেমচাঙ কৰ্তৃপক্ষই জনোৱা মতে, ভাৰতত মোবাইল নিৰ্মাণ কৰাৰ পিছত মোবাইলৰ মূল্য হ্ৰাস কৰিব পৰা যাব৷ তদুপৰি ইয়াতে প্ৰস্তুত হোৱা হাই-এণ্ড স্মাৰ্টফোন ইউৰোপ, পশ্চিম এছিয়া তথা আফ্ৰিকালৈ ৰপ্তানি কৰাতো সুবিধা হ’ব কোম্পানীৰ৷