ডিজিটেল ডেস্কঃ ডাঙৰ স্মাৰ্টফোন ব্যৱহাৰ কৰি অসুবিধা পোৱাসকললৈ সুখবৰ৷ কেইদিনমানৰ ভিতৰতে বজাৰত মুকলি বিশ্বৰ আটাইতকৈ সৰু স্মাৰ্টফোন জেলী৷ এণ্ড্ৰইড নাটৰ অপাৰেটিং চিষ্টেমযুক্ত এই ফোনটোৰ ডিছপ্লেখন হৈছে মাত্ৰ ২.৪৫ ইঞ্চি৷ জেলিৰ দুটা সংস্কৰণ মুকলি কৰা হ’ব বজাৰত- জেলী আৰু জেলী প্ৰ’।
১.১ গিগাহাৰ্টজৰ কোৱাৰ্ড ক’ৰ প্ৰছেছৰৰ এই স্মাৰ্টফোনটোৰ জেলী সংস্কৰণত ১ জিবি ৰেমৰ বিপৰীতে প্ৰ’ সংস্কৰণত ২ জিবি ৰেম থাকিব। জেলীৰ ইন্টাৰনেল মেমৰি ৮ জিবি হোৱাৰ বিপৰীতে জেলী প্ৰ’ৰ ইণ্টাৰনেল মেমৰী হ’ব ১৬ জিবি।