গুৱাহাটীঃ সমাজত নহয় মানুহৰ মগজুত ঠাই লৈছে বেয়া চিন্তাই৷ ধৰ্মৰ নামত মানুহ পাগল হৈ গৈছে৷ কোনোবাই হিন্দু ধৰ্ম আন কোনোবাই মুছলমান ধৰ্মক লৈ মতভেদ আৰম্ভ কৰাৰ লগতে সমাজত বিষবাস্প ছটিওৱাৰ অন্যতম মঞ্চ হৈ পৰিছে ছচিয়েল মিডিয়া৷ 

কাঠুৱা কাণ্ডৰ পিছত দেশত সৃষ্টি হোৱা ধৰ্মীয় মেৰুকৰণৰ প্ৰলাপ আৰু ধৰ্ষণ কাণ্ডক লৈ ধৰ্ম, জাত-পাটক লৈ আৰম্ভ হোৱা বিতৰ্কই এই কথাকেই সূচাইছে৷ নিজৰ নিজৰ ধৰ্মক ৰক্ষা কৰিব যাওতে মানবতা সংকটত পৰিছে সেই কথাৰ উমান পোৱাই নাই মানুহে৷ 

এই কথাৰ উমান পোৱালৈকে হয়তো মানুহবোৰে মানুহ হৈ থকাৰ জ্ঞান পাহৰি যাব৷ নিজৰ নিজৰ ধৰ্মক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবলৈ যুদ্ধ কৰি থাকোতেই একে কুৰা জুইয়ে সকলোকে সাঙুৰি পুৰি ছাঁই কৰিব সেই কথা বুজিবলৈ হয়তো সভ্য সমাজক আৰু সময় লাগিব৷ 

ইমানলৈ সকলো থিকেই আছিল৷ কিন্তু এক নিৰ্লজ্জ খবৰে ভয়াবহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে মানুহৰ মানসিকতাক লৈ৷ যিটো সময়ত সমগ্ৰ দেশে কাঠুৱা কাণ্ডৰ শিশু কন্যাগৰাকীৰ পৰিয়ালক ন্যায় প্ৰদানৰ বাবে দাবী উত্থাপন কৰি আহিছে সেই সময়তে একাংশ লোকে শিশুটোৰ সৈতে সংঘটিত ভয়াবহ কাণ্ডৰ ভিডিঅ’ বিচৰাৰ প্ৰতিযোগিতা আৰম্ভ কৰিছে পৰ্ণ ছাইটত৷ 

এই কথাই প্ৰতিপন্ন কৰে আমাৰ সমাজ আৰু আমাৰ মানসিকতা কিমান তললৈ নামিছে৷ ছচিয়েল মিডিয়াত একাংশ লোকে এখন ফটো চেয়াৰ কৰি এই প্ৰশ্ন উত্থাপন কৰিছে৷ এক্স-ভিডিঅ’ছ নামৰ পৰ্ণ ছাইডৰ এখন স্কীনশ্বুট তীব্ৰ গতিত ছচিয়েল মিডিয়াত প্ৰচাৰ হয়৷    

newsnextone.com-এ পৰ্ণ চাইটলৈ গৈ তথ্য সংগ্ৰহ কৰা নাই যদিও ছচিয়েল মিডিয়াত এই খবৰে চৰ্চা লাভ কৰাত তথ্য আহৰণ কৰে৷ শেহতীয়াকৈ এক্স-ভিডিঅ’ছ নামৰ পৰ্ণ ছাইটত যোৱা প্ৰায় ১০ দিন ধৰি ভাৰতীয় লোকে সকলোতকৈ বেছি চাৰ্চ কৰা নামটোৱে হৈছে কাঠুৱা ধৰ্ষণ কাণ্ডৰ নিস্পাপ শিশুটোৰ নাম৷ কেৱল আসুৰিক তৃপ্তি লাভৰ বাবে এই কাৰ্য সংঘটিত কৰা বুলি চৰ্চা আৰম্ভ হৈছে ছচিয়েল মিডিয়াত৷ 

এক্স-ভিডিঅ’ছ নামৰ পৰ্ণ ছাইডত ট্ৰেণ্ড কৰিছে কন্যা শিশুটোৰ নাম৷ ইয়াৰ দ্বাৰাই প্ৰমাণ হয় একাংশ লোকে সেই ভয়াবহ কাণ্ডৰ ভিডিঅ’ চাবলৈ চাইটটোলৈ গৈ শিশুগৰাকীৰ নাম চাৰ্চ কৰিছে বাৰ বাৰ৷ নিস্পাপ শিশুটোৰ নাম পৰ্ণ ছাইটটোত ট্ৰেণ্ড কৰিছে৷ আমাৰ মাজৰে কোনো লোকে বৰ্বৰ হত্যা-ধৰ্ষণ কাণ্ডৰ ভিডিঅ’ বিচাৰি ইণ্টাৰনেটত চাৰ্চ কৰি আহিছে৷ ইয়াৰ দ্বাৰা মানুহৰ মানসিকতা স্পষ্ট হৈ পৰে৷