newsnextone.com | ডিজিটেল ডেস্কঃ ক্ৰমে পট পৰিৱৰ্তন হ’ব ধৰিছে কৰ্ণাটক বিধান সভাৰ ভিতৰচৰাত৷ ৰাজনৈতিক পৰিৱৰ্তৰ দিশে আগবঢ়াৰ লগে লগে বিজেপিৰ মুখ্যমন্ত্ৰী য়েদুয়াৰাপ্পাই আস্থা ভোটৰ পূৰ্বেই পদত্যাগ কৰাৰ সম্ভাৱনাই দেখা দিছে৷ ৩.৩০ বজালৈ বিধান সভা স্থগিত ৰখা হৈছে যদিও বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ আদেশত আস্থা ভোটৰ পূৰ্বে পদত্যাগ কৰিব পাৰে য়েদুয়ুৰাপ্পাই৷ পুনৰ বিধান সভা আৰম্ভ হোৱাৰ লগ লগে ভাষণ প্ৰদান কৰিব আৰু ভাষণৰ অন্তত পদত্যাগ কৰিব পাৰে য়েদুয়ুৰাপ্পাই৷
সমগ্ৰ দেশবাসীৰ দৃষ্টি এতিয়া কৰ্ণাটকৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত৷ শনিবাৰৰ দিনটোত কোনে জয়ী হ’ব কোনে পৰাজয় বৰণ কৰিব সেই খবৰ লবলৈ দেশবাসীয়ে কৰ্ণাটকৰ দিশে দৃষ্টি নিক্ষেপ কৰা পৰিলক্ষিত হৈছে৷ সংবাদমাধ্যম, ছচিয়েল মিডিয়াত কৰ্ণাটকৰ আস্থা ভোটক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ শনিবাৰে বিয়লি ৪ বজাত আস্থা ভোট অনুষ্ঠিত হ’ব কৰ্ণাটকত৷