ধনশিৰিঃ যোগ স্বাস্থ্যৰ বাবে উপকাৰী৷ যাৰ বাবে ৰাজ্যত এতিয়া যোগ শিবিৰৰ আয়োজন কৰি আহিছে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে৷ গোলাঘাট জিলাৰ সৰুপথাৰ মহাবিদ্যালয়ত যোৱা ১৮ জুলাইৰ পৰা তিনিদিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ ২২সংখ্যাক যোগ প্ৰতিযোগিতা৷ প্ৰতিযোগিতাখনত দেশৰ বিভিন্ন ৰাজ্যৰ মুঠ ৫৩৬ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।
অসম, অৰুণাচল প্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, ওড়িষা, পশ্চিমবংগ, মণিপুৰ, ঝাৰখণ্ড, হাৰিয়ানা, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাই অংশ লয় এই প্ৰতিযোগিতাখনত। পুৰুষ-মহিলাৰ মুঠ ১০টা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখন ২০ জুলাইত সমাপ্ত পৰে।