গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰত আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। বাক্সা জিলা পতঞ্জলি যোগ সমিতিৰ উদ্যোগত আৰু গোৰেশ্বৰ শাখা পতঞ্জলি যোগ সমিতিৰ লগতে গোৰেশ্বৰ আৰ্মী কেম্পৰ সহযোগত বেঙেনাহাটী সত্ৰ ৰাজহুৱা সভাগৃহত যোগ দিৱস পালন কৰা হয়।
গোৰেশ্বৰত অনুষ্ঠিত সহ-যোগ শিক্ষক প্ৰশিক্ষণ শিবিৰৰ শিক্ষক সকলে বিভিন্ন কলা কৌশল প্ৰদৰ্শন কৰে। স্থানীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে ইএম মহেশ্বৰ বসুমতাৰীয়ে যোগ দিৱসত অংশ গ্রহণ কৰে। আনহাতে শুৱাগপুৰতো পালন কৰা হয় ৩য় সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস।