গুৱাহাটীঃ ব্ৰহ্মপুত্ৰ আমাৰ সকলোৰে আদৰৰ। অসমীয়াৰ জীৱনৰ স্পন্দন স্বৰূপ এই লুইতক লৈ অসমীয়াৰ কাহিনীৰ শেষ নাই। অসমৰ শৌৰ্য-বীৰ্য্য, জয়-পৰাজয়, হাঁহি-কান্দোন সকলোৰে সাক্ষী এই ব্ৰহ্মপুত্ৰ। সেয়ে হয়তো লুইতৰ সৈতে জড়িত প্ৰাচীন অসমীয়া সভ্যতা-সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে ৰাজ্য চৰকাৰে বিশাল আয়োজনেৰে আৰম্ভ কৰিছে নৈকেন্দ্ৰিক মহোৎসৱ-নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ, ২০১৭।

'মহামিলনৰ মহাতীৰ্থ’ আখ্যা পোৱা এই মহোৎসৱক লৈ বৰষুণৰ বতৰতো ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। কিন্তু তাৰে মাজতে কেতবোৰ বিতৰ্কই উৎসৱটোক বিষয়টোৰ প্ৰতি সন্দিহান কৰি তোলাও দেখা গৈছে বহুতকে। কোনোৱে যদি গংগা-যমুনাৰ দৰে ব্ৰহ্মপুত্ৰক পূজা কৰাৰ এই ধাৰা প্ৰচলনৰ ফলত নৈখনত প্ৰদূষণৰ মাত্ৰা বাঢ়িব বুলি কৈছে, কোনোৱে আকৌ হৰিদ্বাৰৰপৰা পুৰোহিত অনাই পূজা কৰোৱাৰ নতুন পৰম্পৰাক সহজভাৱে ল’ব পৰা নাই।  

বছৰ বছৰ ধৰি ধেমাজি, লখিমপুৰ, মাজুলীৰ হাজাৰ হাজাৰ খেতিয়কক সৰ্বশ্ৰান্ত কৰা ব্ৰহ্মপুত্ৰৰ প্ৰতি অভিমান পুহি ৰখাসকলে যদি হুমুনিয়াহ কাঢ়িছে, একাংশই আকৌ উৎসৱটোক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা গীতটোত থলুৱাৰ চিন-চাব নাই বুলি কৈ চৰ্চালৈ আহিছে।  

এনেদৰেই বিতৰ্কৰ মাজেৰে উদযাপিত হৈছে নমামি ব্ৰহ্মপুত্ৰ। কিন্তু তাৰ মাজতে ছ'চিয়েল মিডিয়াত সততে জনমত গঢ়ি তোলা এজন ব্যক্তিক কেন্দ্ৰ কৰি আৰম্ভ হৈছে এক বিতৰ্ক। নমামি মহোৎসৱৰ থীম ছংটোৰ গুণগত মানদণ্ডক লৈ প্ৰশ্ন কৰা লুইত কুমাৰ বৰ্মনক অলপ দিন আগতে বহুলোকে উভতি ধৰাত তেঁও নিজে সুধাকন্ঠ ড. ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাক সাক্ষাৎ কৰি নকৈ এটা গীত ৰচনা কৰাৰ বাবে সাজু হয়। 

তাৰ পিছতে বৃহস্পতিবাৰে মহোৎসৱৰ কৰ্তৃপক্ষই উৎসৱস্থলীত মাংস নিষিদ্ধকৰণক লৈ কৰা এক ৰগৰৰ বাবে অচিনাক্ত ব্যক্তিৰ ৰোষত পৰিবলগা হোৱা বুলি বৰ্মনে newsnextone.com-ক জানিবলৈ দিয়ে। বৃহস্পতিবাৰে গধুলি মাংস নিষিদ্ধকৰণক লৈ লিখা এটা কাল্পনিক কাহিনীয়ে বিপদত পেলাইছে বৰ্মনক। 

বৰ্মনৰ ভাষ্যমতে প’ষ্টটো ছচিয়েল মিডিয়াত ৰাজহুৱা কৰাৰ পিছতে বৃহস্পতিবাৰে ৰাতি ১০ বাজি ২০ মিনিটত এটা অচিনাকী নম্বৰৰপৰা ফোন আহে। জেষ্ঠ প্ৰশাসনিক বিষয়া বুলি কোৱা অচিনাক্ত হিন্দীভাষী ব্যক্তিজনে বৰ্মনক নমামি সম্পৰ্কীয় সকলো বিতৰ্কিত পোষ্ট মচি পেলাবলৈ দিয়ে। নহ’লে চাইবাৰ অপৰাধত বৰ্মনক আটক কৰা হ’ব বুলিও ব্যক্তিজনে ভাবুকি দিয়া বুলি বৰ্মনে newsnextone.com-ক জনায়।

পোষ্টসমূহ মচি নেপেলালে তাৰে পৰিণাম ভয়াৱহ হ’ব পাৰে বুলিও হিন্দীভাষী 'বিষয়াজনে’ ইংগিত দিয়া বুলি বৰ্মনে কয়। প্ৰত্যুত্তৰত বৰ্মনে জনায় যে তেঁও কোনো অসাংবিধানিক কাৰ্যকলাপ কৰা নাই। সংবিধানৰ আঁওতাত থাকিয়ে সামাজিক গণমাধ্যমযোগে তেঁও ব্যক্ত কৰা মতামতক যদি কোনোৱে অসাংবিধানিক বুলি প্ৰমাণ কৰিব পাৰে, তেন্তে তাৰবাবে জেইল যাবলৈও সাজু আছে বুলি বৰ্মনে ফোনযোগে newsnextone.com-ক জনায়।

নমামি মহোৎসৱক লৈ সকলোৰে ভিন্ন মত থাকিব পাৰে, কিন্তু তেঁও তাৰে বিৰোধিতা কৰা নাই। কেৱল থিম ছংটোৰহে গুণগত মানদণ্ড সন্তোষজনক হোৱা নাই বুলি ছ'চিয়েল মিডিয়াত মন্তব্য কৰিছিল বুলি কয় বৰ্মনে। অসমীয়াৰ অনুষ্ঠান নমামিত সকলোৰে উপস্থিতি কামনা কৰি ছ'চিয়েল মিডিয়াত লিখা বুলিও বৰ্মনে জনায়। 

বাক স্বাধীনতা হেৰুওৱাৰ উপক্ৰম হোৱা বুলি অভিযোগ উত্থাপন কৰি বিষয়টো সন্দৰ্ভত আৰক্ষী আয়ুক্তক অৱগত কৰোৱা বুলি জনায় বৰ্মনে।

ইফালে, আজি ফেচবুকৰ টাইমলাইনত দিয়া আপডেট এটাত বৰ্মনে বিতৰ্ক সৃষ্টি কৰা পোষ্টটো গৰিষ্ঠসংখ্যকে উঠাবলৈ ক'লে উক্ত পোষ্টটো মচি পেলোৱা হ’ব বুলি কৈ বিষয়টো ৰাইজৰ ওপৰতে এৰি দিয়ে।