অভয়াপুৰীঃ হাজাৰ-বিজাৰ সপোন লৈ খেতি পথাৰত ব্যস্ত হৈ পৰিছে এগৰাকী যুৱক৷ এখন কৃষিপামত সদায় ব্যস্ত হৈ থাকি একো নভবাকৈয়ে তাতেই ৰোপণ কৰি গৈছে সপোনৰ বীজ৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ৰাজীৱ সিংহ নামৰ যুৱকজনে পথাৰত ব্যস্ত থাকি স্বাবলম্বী হোৱাৰ সপোনক সাৰ্থক কৰিছে। ৰাজ্যত শাক-পাচলিৰ অত্যাধিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণৰক জৰুলা কৰি আহিছে।

আনহাতে ভেজাল খাদ্য তথা অত্যাধিত সাৰ-কীটনাশক ব্যৱহাৰ কৰা পাচলিয়ে মানুহৰ দেহক ক্ষতি কৰি আহিছে৷ যাৰ বাবে নিজৰ লগতে ৰাজ্য খনৰ লোকক সতেজ পাচলি যোগান ধৰাৰ উদ্দেশ্যে নিৰৱে কাম কৰি গৈছে খেতি পথাৰত সিংহই। অভয়াপুৰীৰ কৃষক ৰাজীৱ নাৰায়ণ সিংহই তাৰ উদ্দেশ্যে কাম কৰি গৈছে খেতি পথাৰত৷ উচ্চ শিক্ষা গ্ৰহণ কৰা যুৱকজনে চাকৰি বিছাৰি ঘুৰি নুফুৰি কৃষিকেই জীৱন নিৰ্বাহৰ সম্বল হিচাপে লয়৷ ১৭ বছৰ পূৰ্বে সিংহই উত্তৰ শালমাৰা টিলাপাৰাত ২৫ বিঘা ভূমিত আৰম্ভ কৰিছিল খেতি।

প্ৰধানকৈ চাহ বাগিচাৰ লগতে কমলা, সাচি আৰু নেমুৰ গছ ৰোপন কৰিছিল সিংহই। পৰবৰ্তী সময়ত ষ্ট্ৰবেৰী খেতি কৰা আৰম্ভ কৰে তেওঁ৷ তাৰ লগে লগে ৰাজ্য খনত ফুল খেতি আৰম্ভ কৰি যুৱ কৃষকজনে এডৰা মাটিত ৰজনীগন্ধা ফুলৰ খেতি কৰি সফল হয়। খেতি পথাৰত ব্যস্ত থাকি অনাবিল আনন্দ লাভ কৰা কৃষক সিংহই পাচলিৰ অভাৱনীয় মূল্যবৃদ্ধিৰ পৰা সৰ্বসাধাৰণ ৰাইজক কেনেকৈ সকাহ দিব পাৰি তাৰ বিষয়েও আৰম্ভ কৰিছে চিন্তা। চাহিদা আৰু যোগানৰ মাজত তাৰতম্য থকাৰ বাবেই পাচলিৰ মূল্য অত্যাধিক হাৰত বৃদ্ধি পোৱা কথাক সহজে নলৈ ৰাজীৱ নাৰায়ণ সিংহই হাত দিয়ে পাচলি খেতিত৷

অত্যাধিক জন বিস্ফোৰণৰ সময়ত পৰম্পৰাগত কৃষিৰ জৰিয়তে পাচলিৰ বৰ্ধিত চাহিদা পুৰণ কৰা সম্ভৱ নহয় আৰু মূল্যবৃদ্ধি ৰোধ কৰাতো সম্ভৱ নহয় বুলি কয় কৃষক সিংহই৷ বতৰীয় কৃষিৰ দ্বাৰা চাহিদা পুৰণ কৰিব পাৰিলেও ব্যক্তিগত ভাবে লোকচানৰ সন্মুখীন হ’ব লগা হোৱাৰো সম্ভাৱনা থকা কথাক গুৰুত্বসহকাৰে লৈ আধুনিক বিজ্ঞানসন্মত পদ্ধতি প্ৰয়োগ কৰি আবতৰীয়া পাচলিৰ খেতি কৰাত গুৰুত্ব প্ৰদান কৰে। বঙাইগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্রৰ মুখ্য বিজ্ঞানী ড০ চিন্ময় শৰ্মাৰ সহায়ত সিংহই সেউজ গৃহত আৰম্ভ কৰে খেতি। সেউজ গৃহ স্থাপন কৰি সিংহই বৰ্তমানে আৰম্ভ কৰিছে তিয়হ আৰু বিলাহীৰ খেতি।

জনস্বাস্থ্যৰ বাবে হানিকাৰক ৰসায়নিক সাৰ পৰিহাৰ কৰি সম্পূৰ্ণ জৈৱিক সাৰ ব্যৱহাৰেৰে সিংহৰ সেউজ গৃহৰ তিয়হ আৰু বিলাহী এতিয়া লহ পহকৈ বাঢ়ি আহিছে। কমদিনৰ ভিতৰত সিংহৰ সেউজ গৃহৰ ফচল বজাৰত উলিয়াই দিব পাৰিব বুলি তেওঁ আশাবাদী।

ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীয়ে খেতিৰ প্ৰতি আগ্ৰহী হ’বলৈ আহ্বান জনাই সিংহই৷ তেও কেইবাটাও সেউজ গৃহ স্থাপন কৰাৰৰ পৰিকল্পনা কৰি ৰাইজক পাচলিৰ মূল্যবৃদ্ধিৰ পৰিত্ৰাণ দিব বুলি মতপোষণ কৰে। সিংহৰ মতে জৈৱিক পদ্ধতিৰে কৰা খেতিয়ে জনস্বাস্থ্য ৰক্ষা কৰাৰ লগতে কৃষক সকলো আৰ্থিক ভাবে টনকীয়াল হয়। কেৱল চৰকাৰী চাকৰিৰ পিছত নুঘুৰি শিক্ষিত যুৱকসকলক এনে কৃষি কাৰ্যৰ প্ৰতি আগ্ৰহী হবলৈ আহ্বান জনায় সিংহই৷