গোৰেশ্বৰঃ ৰাজ্যত মাঘ বিহুৰ আনন্দ উলাহৰ মাজতে এগৰাকী শিক্ষকৰ ২৫ বছৰীয়া পুত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে গোৰেশ্বৰত৷ শিক্ষকৰ ২৫ বছৰীয়া পুত্ৰৰ মৃতদেহ মেটেকাৰে ভৰি থকা পুখুৰীত উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বাক্সা জিলাৰ গোৰেশ্বৰত৷ জানিব পৰা মতে, কেইগৰাকী মান যুৱকে গোৰেশ্বৰ ৰেল কলনিত শনিবাৰে নিশা উৰুকাৰ ভোজ-ভাত খাইছিল৷
উৰুকাৰ ভোজ-ভাত খােৱা যুৱক কেইজনৰ মাজৰে মনোজ দেৱনাথ নামৰ যুৱকজনৰ ভোজ ভাত খোৱা স্থানৰ পৰা কিছু নিলগত মেটেকাৰে ভৰি থকা এটি পুখুৰীত মৃতদেহ উদ্ধাৰ হয়৷ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে গোৰেশ্বৰ অঞ্চলত৷ বাক্সা জিলাৰ গোৰেশ্বৰ গোৰেশ্বৰ আৰক্ষী থানাৰ পৰা প্ৰায় ১৫০ মিটাৰ নিলগত ২নং গোৰেশ্বৰ ৰেল ক’লনিত দেওবাৰে দিনৰ প্ৰায় ২ বজাত বটীয়ামাৰী নিবাসী, গোৰেশ্বৰৰ বালাহাটীৰ বাপুৰাম শৰ্মা বিদ্যামন্দিৰ এম ই স্কুলৰ প্ৰধান শিক্ষক ৰবীন্দ্ৰ দেৱনাথৰ পুত্ৰ মনোজ দেৱনাথৰ (২৫) মৃতদেহ উদ্ধাৰ হয়।