জালুকবাৰীঃ ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত বৰ্ণিল আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ বুধবাৰে সামৰণি পৰে৷ যুৱ মহোৎসৱত কেবাশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰাত বিশ্বিবদ্যালয়খনত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ যোৱা ১৭ ছেপ্তেম্বৰত উদ্বোধন কৰে উপাচাৰ্য ড০ মৃদুল হাজৰিকাই।

উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত৷ গুৱাহাটী তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ বুধবাৰে সামৰণি পৰে৷ সামৰণি তথা বটাঁ বিতৰণী অনুষ্ঠান বুধবাৰে অনুষ্ঠিত হয়৷ বঁটা বিতৰণী সভাত ৰাজ্যৰ কেবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকাসকল উপস্থিত থাকে৷

সভাত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকা, বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা প্ৰাঞ্জল শইকীয়া, টিহু মহাবিদ্যালয়ৰ অধ্যাপককে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উপাচাৰ্য ড০ মৃদুল হাজৰিকাই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি দিয়া ভাষণত যুৱ মহোৎসৱক ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ বাবে গুৰুত্বপূৰ্ণ কাৰ্যসূচী বুলি অভিহিত কৰে। মহোৎসৱে ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা বিকাশত যথেষ্ট সহায় কৰিব বুলি কৈ ঐক্য সম্প্ৰীতি গঢ়াতো সহায় কৰিব বুলি কয় উপাচাৰ্য ড০ হাজৰিকাই।

আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ সাহিত্য বিভাগৰ প্ৰতিযোগিতাসমূহ প্ৰয়াত কবি পাৰ্থ প্ৰতীম কাশ্যপৰ সোঁৱৰণত অনুষ্ঠিত হয়। সাহিত্য শিতানৰ বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদানৰ লগতে প্ৰয়াত কবি পাৰ্থ প্ৰতীম কাশ্যপৰ একোখনকৈ কবিতা পুথি প্ৰদান কৰা হয়৷ উল্লেখ্য যে, আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত অংশ গ্ৰহণ কৰি উভতি যোৱাৰ পথত কবি পাৰ্থ প্ৰতীম কাশ্যপে মৃত্যুক আকোৱালি লৈছিল৷