64
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ সিম্বৰগাঁৱত যুৱ বিপিএফ আৰু বডোলেণ্ড ছাত্ৰ সন্থা(বি এছ ইউ)ৰ যৌথ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হোৱা যুৱ মহোৎসৱৰ আজি সামৰণি পৰে৷
বিপিএফ দলৰ ভাতৃ সংগঠন বি এছ ইউ আৰু যুৱ বিপিএফৰ যৌথ উদ্যোগত যোবা ৩ এপ্ৰিলৰ পৰা উদুলি মুদলি পৰিৱেশত আৰম্ভ হোবা যুৱ মহোৎসৱৰ তৃতীয় তথা অন্তিম দিনাৰ কাৰ্যসূচী অনুযায়ী আজি পুৱা ১০ বজাত সিম্বৰগাৱঁত বাৰেবৰণীয়া এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷