64
তেজপুৰঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ৰেল ষ্টেচনত এগৰাকী বাৰ ৰছৰীয়া কিশোৰী উদ্ধাৰ হয়৷ কিশোৰীগৰাকী জোনাইৰ বুলি জানিব পৰা গৈছে৷ তিনিগৰাকী অন্য যুৱতীৰ সৈতে মুৰ্কংচেলেং গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেচত উঠি আহিছিল যদিও ৰহস্যজনকভাৱে লগত অহা যুৱতী কেইগৰাকী অন্তধান হৈ পৰে৷
পিচত কিশোৰীগৰাকী ৰঙাপৰা ৰেল ষ্টেচনতে নামি ঘুৰি ফুৰোতে ৰেল আৰক্ষীয়ে কিশোৰীগৰাকীৰ পৰিয়ালৰ লগত যোগাযোগ কৰি গতাই দিয়াৰ ব্যৱস্থা কৰিছে৷