ডিজিটেল ডেস্কঃ আমীৰ খানৰ বহুল জনপ্ৰিয়তা লাভ কৰা ছবি ‘ডংগল’ত গীতা ফোগলৰ চৰিত্ৰত অভিনয় কৰি বলীউডত পদাৰ্পণ কৰা জায়ৰা ৱাচীমক আকৌ এবাৰ দেখা যাব আমীৰ খানৰ সৈতে৷ জায়ৰা ৱাচীম আৰু আমীৰ খান অভিনীত আহিবলগীয়া ‘চিক্ৰেট চুপাৰষ্টাৰ’ নামৰ ছবি খনত জায়ৰাক দেখা যাব এগৰাকী গায়িকা হিচাপে৷ ছবিখনৰ প্ৰাক মুহূৰ্তত শনিবাৰে লক্ষ্নৌত অনুষ্ঠিত হোৱা এখন অনুষ্ঠানত অংশ লৈ ১৭ বৰ্ষীয় জায়ৰাই বলীউডত পদাৰ্পণৰ সুযোগ লাভ কৰাৰ লগতে বহু ব্যক্তিগত কথা প্ৰকাশ কৰে সাংবাদিকৰ আগত৷
